বানৰ বিড়ম্বনা : ৰাজ্যৰ ভিন্ন ঠাইত আৰম্ভ হোৱা নাই বিদ্যালয়ৰ পাঠদান
🎬 Watch Now: Feature Video
গৰমৰ বন্ধ শেষ হ'ল , এমাহৰ পাচত আজিৰে পুনৰ শিক্ষানুষ্ঠানসমূহত আৰম্ভ হৈছে পাঠদান ৷ ধুবুৰীত প্ৰায় পাঁচ শতাধিক বিদ্যালয়ত আৰম্ভ হোৱা নাই পাঠদান ৷ জিলা শিক্ষাবিভাগৰ তথ্য অনুসৰি 596 খন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱাৰ লগতে, সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে 17 খন বিদ্যালয় ৷ আনহাতে দলগাঁৱতো একেই অৱস্থা ৷ বহুকেইখন বিদ্যালয়ৰ মজিয়া বোকা-জাৱৰেৰে ভৰি পৰাত আৰম্ভ কৰিব পৰা নাই পাঠদান ৷ হাতে হাতে ঝাৰু লৈ বিদ্যালয় পৰিষ্কাৰ কৰাত ব্যস্ত হৈ পৰা দেখা গ'ল শিক্ষক-শিক্ষয়িত্ৰী সকলক ৷ মৰিগাঁৱৰো প্ৰায় অৰ্ধশতাধিক বিদ্যালয় বানত ক্ষতিগ্ৰস্ত হোৱাত চৰকাৰী নিৰ্দেশনা থকাৰ পাচতো আজিৰ পৰা আৰম্ভ হোৱা নাই পাঠদান ৷ ক্ৰমাৎ পানী শুকাইছে যদিও অপৰিষ্কাৰ আৰু দুৰ্গন্ধময় পৰিবেশৰ বাবে আৰম্ভ কৰিব পৰা হোৱা নাই পাঠদান ৷ শেহতীয়া বানে ৰাজ্যত বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে এতিয়া বিপন্ন কৰিছে শিক্ষাৰ্থীৰ ভৱিষ্যৎ ৷