অইলৰ ৰাসায়নিক দ্ৰব্যই বিনষ্ট কৰিছে খেতিপথাৰ; ক্ষুব্ধ জাগুনবাসী - অইল ইণ্ডিয়া লিমিটেড
🎬 Watch Now: Feature Video
দুলীয়াজানৰ 2 নং জাগুনত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি । অইল ইণ্ডিয়া লিমিটেড(OIL)ৰ তৈলখাদৰ বৰ্জিত বিষাক্ত ৰাসায়নিক দ্ৰব্য(Chemical) সংমিশ্ৰণ তেল ধাননি পথাৰত বিয়পি পথাৰত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে । অইল ইণ্ডিয়া লিমিটেডৰ একাংশ বিষয়া তথা কৰ্মচাৰীৰ দায়িত্বজ্ঞানহীনতাৰ দোহাই দি ৰাইজৰ মাজত সৃষ্টি হৈছে এই হাহাকাৰ পৰিস্থিতিৰ । শেহতীয়াকৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ খেতিপথাৰ সম্পূৰ্ণৰূপে নষ্ট হোৱাৰ লগতে পুখুৰীৰ মাছৰো মৃত্যু হয় আৰু পোহনীয়া জীৱ-জন্তু অচিন ৰোগত আক্ৰান্ত হয় । অইলৰ এল এল এক্স তৈলখাদৰ পৰা উদ্ভৱ হোৱা প্ৰদূষণ সন্দৰ্ভত স্থানীয় ৰাইজে অইল কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে ৷ কিন্তু আজি পৰ্যন্ত বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই অইল কৰ্তৃপক্ষই । শীঘ্ৰেই অইল কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে স্থানীয় ৰাইজে ৷