কলগাছিয়াত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে বহু সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । এতিয়াও জিলাই জিলাই ড্ৰাগছৰ অবৈধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াত আৰক্ষীৰ জালত পৰিল এটা ড্ৰাগছ ব্যৱসায়ী । শুকুৰবাৰে নিশা আৰক্ষীয়ে ঘৰৰ পৰাই আটক কৰে মজনুৰ ৰহমান নামৰ যুৱকজনক । শনিবাৰে বৰপেটা জেল হাজতলৈ প্ৰেৰণ কৰে মজনুৰক । ফোন কলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে কলগাছিয়াৰ বেছিমাৰী গাঁৱৰ ছহৰ আলীৰ পুত্ৰ মজনুৰ ৰহমানক ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে । অৱশ্যে গ্ৰেপ্তাৰৰ সময়ত যুৱকজনৰ পৰা কোনো ধৰণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । আনহাতে, মজনুৰে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰিছে । সংবাদ মাধ্যমৰ আগতে তেওঁ কয় যে, বন্ধুৰ পৰা পাবলগীয়া ধন আদায় কৰাৰ বাবেহে তেওঁৰ ওচৰত ড্ৰাগছ আছে বুলি বন্ধুজনক মিছা কথা কৈছিল । লগতে তেওঁ ড্ৰাগছৰ ব্যৱসাায় নকৰে বুলি মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.