thumbnail

ডিগবৈ টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ কাণ্ডৰ আঁৰত কোন?

By

Published : May 18, 2021, 6:07 PM IST

নতুন মোৰ লাভ কৰিছে টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডই ৷ মঙলবাৰে পুৱতি নিশা বিস্ফোৰণৰ সৈতে জড়িত দুজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ আটক হোৱা দুই যুৱক ক্ৰমে মুনু ওৰফে হীৰেণ গগৈ আৰু বাইক চালক ৰনজিত চাংমাই ৷ ধৃত হীৰেণ গগৈৰ ঘৰ ডিগবৈৰ লক্ষীপথাৰত ৷ ইয়াৰ পূৰ্বে আলফাৰ সৈতে জড়িত আছিল আটকাধীন মুনু ৷ শিৱসাগৰত সেনা বাহিনীৰ লগত হোৱা সংঘৰ্ষত দেহত গুলি লাগিছিল যুৱকজনৰ ৷ পূৰ্বেও বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগত মুনুৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছিল ডিগবৈৰ থানাত । লক্ষীপথাৰৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে যুৱকজনক । তাৰোপৰি জব্দ হৈছে CCTV ত দেখাপোৱা পালচাৰ বাইকখন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.