পথ নিৰ্মানৰ নামত বৃহৎ দুৰ্নীতিঃ গাঁওবাসীৰ প্ৰতিবাদ - গাঁওবাসীৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
হাইলাকান্দি, 12 ছেপ্তেম্বৰঃ হাইলাকান্দি জিলাত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক নিৰ্মান আচনিৰ নামত সংঘটিত হৈছে দুৰ্নীতি । এই দুৰ্নীতি সংঘটিত হৈছে হাইলাকন্দি জিলাৰ কাঠলিছেড়া সমষ্টিৰ জামিৰা প্ৰথম খণ্ডত । বিগত ৬ মাহ পূৰ্ৱে এই পথ নিৰ্মানৰ কাম আৰম্ভ হৈছিল যদিও ইতিমধ্যে এফালৰ পৰা ভাগি গৈছে পথটো । প্ৰায় ২ কিল'মিটাৰ পথ নিৰ্মানৰ বাবে চৰকাৰে আৱণ্টন দিছে ১ কোটি ৯২ লাখ টকা ৷ কিন্তু পথ নিৰ্মানৰ নামত বিভাগীয় ঠিকাদাৰে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে গাঁওবাসীয়ে । প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, বিভাগীয় ঠিকাদাৰ মুৰ্দাবাদ, গড়কপ্তানী বিভাগ হায় হায়, বিধায়ক সুজাম উদ্দিল লস্কৰ মুৰ্দাবাদ আদি শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷