মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আছু আৰু ABVP ৰ মাজত সংঘাত - Clashes between AASU and ABVP
🎬 Watch Now: Feature Video
চৰাইদেউ জিলাৰ মৰাণ নগৰস্থিত ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ মিতালী কোঁৱৰক অপসাৰণৰ দাবীত সোমবাৰে পুনৰ উত্তাল হৈ পৰে মৰাণ মহাবিদ্যালয় চৌহদ ৷ মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰৱেশদ্বাৰত অৱস্থান কৰি বিতৰ্কিত অধ্যক্ষাগৰাকীক মহাবিদ্যালয়ৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে ৷ ইয়াকে লৈ মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, বিগত বৰ্ষত নিজৰ ঘৰত বনকৰা শিশুক অমানুষিক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ কৰা মিতালী কোঁৱৰৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ পুঁজিত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ছাত্ৰসমাজে ৷ অধ্যক্ষা গৰাকীক অপসাৰণৰ দাবীত বিগত প্ৰায় ডেৰমাহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷ কিন্তু অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সোমবাৰে পুনৰ প্ৰতিবাদমুখৰ হৈ পৰে মহাবিদ্যালয়খনৰ কেইবাশ ছাত্ৰ-ছাত্ৰী ৷ মহাবিদ্যালয়খনত স্থানীয় দণ্ডাধীশ ইণ্ডিকা গগৈৰ লগতে আৰক্ষী বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণত চেষ্টা চলাই যদিও প্ৰতিবাদৰ মাজতে মহাবিদ্যালয় প্ৰৱেশদ্বাৰত আছু কৰ্মী আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু ইয়াৰ পাছতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰে ৷ পৰৱৰ্তী সময়ত চৰাইদেউ আৰক্ষী অধীক্ষক অমৰ চৌধুৰী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া , তদন্তকাৰী আৰক্ষী বিষয়া সকলোৱে তদন্ত সঠিক ভাৱে আগবাঢ়িছে বুলি জানিবলৈ দিয়ে যদিও মৰা মহাবিদ্যালয়ত সংঘটিত হোৱা এনে পৰিস্থিতি কেতিয়া অৱসান হ'ব সেইয়া হে লক্ষণীয় হ'ব ৷