বাক্সাৰ চি ব্লকৰ শিৱ মন্দিৰত চোৰৰ চাফাই অভিযান

🎬 Watch Now: Feature Video

thumbnail
সমগ্ৰ দেশত ক’ৰণা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে চৰকাৰে বান্ধি দিছে বিভিন্ন নীতি-নিয়ম । তাৰ মাজতে ৰাজ্যত চলি আছে সান্ধ্য আইন । এই সান্ধ্য আইনৰ সুযোগ গ্ৰহণ কৰি কোনো অসাধু লোকে বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত আনন্দপুৰ চিব্লক আঞ্চলিক শিৱ মন্দিৰৰ পৰা লুটি নিয়ে নগদ ধন । বুধবাৰে সন্ধিয়া বন্তি দি মন্দিৰৰ পূজাৰীয়ে তলা লগাই থৈ যায় মন্দিৰৰ দুৱাৰত । কিন্তু বৃহস্পতিবাৰে ৰাতিপুৱা পূজাৰীজনে আহি দুৱাৰ খোলা থকা দেখি মন্দিৰ পৰিচালনা সমিতিক মাতি আনি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোতে মন্দিৰৰ ভিতৰত চেদেলি ভেদেলি প্ৰত্যক্ষ কৰে । পৰিচালনা সমিতিৰ সম্পাদক মুনিন্দ্ৰ কলিতাই জানিবলৈ দিয়া মতে মন্দিৰৰ ভিতৰত থকা দানপাত্ৰৰ পৰা প্ৰায় ৬ হাজাৰ টকা চোৰে লুটি নিয়ে । উল্লেখযোগ্য যে, আজি কিছুমাহ পূৰ্বে জিলাখনৰ বৰবৰী বাথৌ মন্দিৰতো চোৰে লুটি নিছিল সহস্ৰাধিক নগদ ধনৰ লগতে মূল্যবান সামগ্ৰী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.