হৰি নামৰ ধ্বনিৰে তেজপুৰত কা বিৰোধী সমদল - সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদ
🎬 Watch Now: Feature Video
তেজপুৰ , 21 ডিচেম্বৰঃ শনিবাৰে তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ শ্বহীদ বাকৰিৰ পৰা প্ৰতিবাদী ৰাইজে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে সম্পূৰ্ণ শংকৰীয়া কলা-কৃষ্টিৰ নিদৰ্শনৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী সকলে শংখ, কাঁহ, ডবা, খোল আৰু হৰি নামৰ ধ্বনিৰে 'হিমন্ত ই থগিলে, সৰ্বানন্দইও থগিলে আমি অসমীয়া জাতিকহে', 'কা আমি নামানো , কা আমি নুবুজো, আমি অসমীয়া জাতিৰ হে' বুলি সমগ্ৰ তেজপুৰৰ ৰাজপথত আধ্যাত্মিক প্ৰতিবাদ প্ৰতিবাদ কৰিলে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰাই প্ৰতিবাদকাৰী সকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ মুখ্যমন্ত্ৰী সোণোৱাললৈ পত্ৰ প্ৰেৰণ কৰে ৷