ভোগালীৰ উৰুকা উপলক্ষে মাছ ধৰাত ব্যস্ত বিধায়িকা আঙুৰলতা ডেকা - nagaob
🎬 Watch Now: Feature Video
উৰুকাত নিশা মাছে-মহঙে এসাঁজ খোৱাৰ বাবে সাজু ৰাজ্যবাসী ৷ ৰাজ্যৰ প্ৰতিখন বজাৰ ভৰি পৰিছে ভিন্ন মাছেৰে ৷ বজাৰৰ সমান্তৰালকৈ ৰাজ্যৰ গ্ৰামাঞ্চল বিলাকৰ বিল, হ্ৰদ, পুখুৰী আদিত মাছ ধৰিও বিভিন্নজনে উৰুকাৰ বাবে মাছৰ যোগাৰ কৰা পৰিলক্ষিত হৈছে ৷ ইফালে বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাকো দেখা গ‘ল ব্যতিক্ৰমী ৰূপত ৷ বিধায়িকাগৰাকীয়ে স্থানীয় মহিলাসকলৰ সৈতে বটদ্ৰৱা সমষ্টিৰ চাবুকধৰাৰ চাৰিপুনীয়া বিলত তিৱা সাজ পৰিধান কৰি মাছ ধৰা পৰিলক্ষিত হ‘ল ৷ মাছ ধৰাৰ লগতে বিধায়িকাগৰাকীয়ে স্থানীয় মহিলাসকলৰ সৈতে মাছ ধৰাৰ লগতে নাচি বাগি আনন্দ কৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে বিধায়িকাগৰাকীক স্থানীয় মহিলাৰ সৈতে বিহুৰ পিঠা বনোৱাত ব্যস্ত থকাও দেখা গৈছিল ৷