জুবিনক জন্মদিনৰ শুভেচ্ছা জনাবলৈ দেহত Tattoo আঁকিলে যুৱকে

By

Published : Nov 18, 2021, 4:55 PM IST

thumbnail
অসমবাসীৰ হাৰ্টথ্ৰ’ৱ কণ্ঠশিল্পী জুবিন গাৰ্গ(Zubeen Garg)ৰ জন্মদিনত কণ্ঠশিল্পীগৰাকীলৈ বিশেষ উপহাৰ প্ৰদান ডিব্ৰুগড়ৰ এজন যুৱক তথা অনুৰাগীৰ ৷ টাট্টু(Tattoo)ৰ জৰিয়তে যুৱকজনে নিজৰ পিঠিত অংকণ কৰিলে জুবিন গাৰ্গৰ প্ৰতিছবি ৷ জিলাখনৰ সেউজপুৰৰ অনুপ চেতিয়া নামৰ যুৱকজনে 60 হাজাৰ টকাৰ ব্যয়েৰে আঠ মাহ সময় ধৰি অংকণ কৰিছিল টাট্টুটো । প্ৰচণ্ড বিষৰ ফলত মাজে মাজে যুৱকজনে চিকিৎসকৰ কাষ চাপিব লগা হৈছিল বুলি জানিবলৈ দিয়ে । যুৱকজনৰ ভাষ্য অনুসৰি, তেওঁ কোনোদিনে জুবিনক মুখামুখিকৈ লগ পোৱা নাছিল । জুবিনৰ প্ৰতি থকা যুৱকজনৰ এই ভালপোৱাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.