ধিঙৰ বিহু তলিত কঁকাল ভাঙি নাচিলে আঙুৰলতা-নিশিতাই
🎬 Watch Now: Feature Video
ধিঙৰ ২৬খন গাঁৱৰ হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লোকে পালন কৰিলে ৰঙালী বিহু । ঢোল তালৰ চেৱে চেৱে একেলগে কঁকাল ভাঙি নাচিলে একালৰ অভিনেত্ৰী তথা বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকা, অভিনেত্ৰী নিশিতা গোস্বামী আৰু অভিনেতা নয়ন নিৰ্বান বৰুৱাই ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাৰ ধিঙতো ৰঙালী বিহুটি অতি উলহ-মালহেৰে উদযাপন কৰা হৈছে । ধিঙৰ জগন্নাথ মন্দিৰ প্ৰাংগনত অনুষ্ঠিত মুকলি বিহুত কঁকাল ভাঙি নাচিলে আঙুৰলতা ডেকা আৰু অভিনেত্রী নিশিতা গোস্বামীয়ে । বিভিন্ন জাতি জনগোষ্ঠীৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিহু উৎসৱ পৰিণত হ’ল সমন্বয়ৰ মিলন ভূমিত । ২৬খন গাঁৱৰ ৰাইজ সন্মিলিত হৈ এনেদৰেই ৩৪ বছৰ ধৰি পালন কৰি আহিছে এই বিহু উৎসৱটি । হিন্দু-মুছলমান উভয় সম্প্রদায়ৰ লোকসকলে এনেদৰে ৩৪ বছৰ ধৰি বিহু এই উৎসৱতি পালন কৰি দাঙি ধৰি আহিছে সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন ।
Last Updated : Apr 16, 2021, 10:48 PM IST