thumbnail

By

Published : Dec 16, 2020, 8:43 PM IST

ETV Bharat / Videos

কলিয়াবৰত শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰিলে অভিনেতা যতীন বৰাই

কলিয়াবৰৰ হাতীগাঁৱত মঙলবাৰে নিশা শ্ৰীকৃষ্ণৰ ৰাসলীলা উপভোগ কৰিলে জনপ্ৰিয় অভিনেতা যতীন বৰাই ৷ গুৰুজনাৰ 'কেলি গোপাল' অংকীয়া নাটৰ আধাৰত পৰিৱেশন কৰা ৰাসলীলা উপভোগ কৰিলে অভিনেতা গৰাকীয়ে । ৰাস পৰিৱেশনৰ মাজতে গুৰুজনাক স্মৰণ কৰি যুৱ প্ৰজন্মৰ মাজত অসমীয়া বলিষ্ঠ সংস্কৃতিৰ নিদৰ্শনৰ চৰ্চা অব‍্যাহত থকাত সন্তুষ্টি প্ৰকাশ কৰে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত যতীন বৰাই বৰ্তমান মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাজ‍্যৰ ঐশ্বৰ্য‍শালী সংস্কৃতিৰ প্ৰতিটো দিশতে গুৰুত্ব দিয়া বুলি উল্লেখ কৰে । ৰাজ‍্যৰ কৃষ্টি-সংস্কৃতি, চলচ্চিত্ৰ আদিকে ধৰি প্ৰতিটো জাতি-জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি ৰক্ষ‍াৰ বাবে অহোপুৰুষাৰ্থ কৰা একমাত্ৰ মুখ‍্যমন্ত্ৰী বুলি অভিহিত কৰে যতীন বৰাই । বৰ্তমানে বিজেপি দলৰ হৈ ৰাইজৰ বাবে কাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আনকি, বিধানসভা নিৰ্বাচনত ৰাজনীতিত প্ৰতিদ্বন্দিতা কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত সংবাদমাধ্যমৰ আগত জনাব বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.