thumbnail

By

Published : Apr 11, 2023, 8:44 AM IST

ETV Bharat / Videos

Young India Ke Bol: যুৱ কংগ্ৰেছৰ উদ্যোগত দেশজুৰি আয়োজন ইয়ং ইণ্ডিয়া কে বোল শীৰ্ষক প্ৰতিযোগিতা

বৰপেটা, ১১ এপ্ৰিল : দেশত দিনক দিনে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা (Unemployed problem rise in India) ৷ নিবনুৱা সমস্যাৰ লগতে দেশৰ যুৱ সমাজে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত জনমত গঠনৰ উদ্দেশ্যে সমগ্ৰ দেশজুৰি যুৱ কংগ্ৰেছে অনুষ্ঠিত কৰিছে ‘‘ইয়ং ইণ্ডিয়া কে বোল’’ শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা (Indian Youth Congress organizes Speech Competition) ৷

অনলাইনযোগে সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ ‘‘ইয়ং ইণ্ডিয়া কে বোল’’ শীৰ্ষক প্ৰতিযোগিতা সন্দৰ্ভত সোমবাৰে বৰপেটাত যুৱ কংগ্ৰেছৰ সৰ্বভাৰতীয় মুখপাত্ৰ মমিতা কালিয়ে এক সংবাদমেল অনুষ্ঠিত কৰি প্ৰতিযোগিতাখন সম্পৰ্কে সাংবাদিকক অৱগত কৰে ৷ প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আগন্তুক ২৫ এপ্ৰিলৰ ভিতৰত অনলাইনযোগে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব প্ৰতিযোগীসকলে ৷

তাৰ বাবে প্ৰতিযোগীসকলে প্ৰেৰণ কৰিব লাগিব নিবনুৱা সমস্যাৰ ওপৰত এক মিনিটৰ এটা ভিডিঅ’ ৷ ইয়াৰ মাজৰ পৰাই প্ৰতিযোগিতাৰ পৰৱৰ্তী ৰাউণ্ডলৈ নিৰ্বাচিত কৰা হ’ব প্ৰতিযোগীসকলক ৷ প্ৰথমতে জিলা ভিত্তিত, তাৰ পিচত ৰাজ্যিক ভিত্তিত প্ৰতিযোগী নিৰ্বাচনৰ অন্তত সৰ্বভাৰতীয় ভিত্তিত অনুষ্ঠিত হ’ব এই প্ৰতিযোগীতা ৷ এই প্ৰতিযোগীসকলৰ মাজৰ পৰাই নিৰ্বাচিত কৰা হ’ব বিজয়ী প্ৰতিযোগীৰ নাম ৷

লগতে পঢ়ক : Anti drug awareness meeting : তিনিচুকীয়া আৰক্ষী থানাত ড্ৰাগছ বিৰোধী সজাগতা সভা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.