thumbnail

By

Published : Jun 19, 2023, 9:02 PM IST

ETV Bharat / Videos

International Yoga Day: নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে যোগাসন প্ৰতিযোগিতা আয়োজন

বঙাইগাঁও, 19 জুন: বঙাইগাঁও জিলা প্ৰশাসনৰ তত্বাৱধানত সোমবাৰে যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাষ্ট্ৰীয় আয়ুস মিছনৰ অসমৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ তত্বাৱধানত নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ উপলক্ষে বঙাইগাঁও চহৰৰ ইণ্ডোৰ ষ্টেডিয়ামত পুৱাৰে পৰা জিলা ভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ 

এই যোগাসন প্ৰতিযোগিতাত বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত ডিম্পি গগৈ উপস্থিত হৈ যোগাসন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে ৷ জিলাখনৰ পাঁচটা খণ্ড উন্নয়নত  ব্লক পৰ্যায়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিচতে বাচনিকৃত প্ৰতিযোগীৰ মাজত জিলা ভিত্তিত প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ চাৰিটা শাখাত আয়োজন কৰা এই প্ৰতিযোগিতাত জিলাখনৰ মুঠ 36 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: Gauhati High Court Order: নৱনিযুক্ত ৫,২০০ শিক্ষকলৈ প্ৰেৰণ কৰা হ’ব আইনী জাননী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.