Man Elephant Conflict: নাৰায়ণপুৰৰ ৰাজগড়ত নিশা বনৰীয়া হাতীৰ সন্ত্ৰাস - বনৰীয়া হাতীৰ সন্ত্ৰাস
🎬 Watch Now: Feature Video
বিহপুৰীয়া, 21 জুলাই : লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী নাৰায়ণপুৰৰ ৰাজগড়ত বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই লণ্ড-ভণ্ড কৰিলে বাসগৃহ ৷ উজাগৰী নিশা কটাবলগীয়া হৈছে স্থানীয় ৰাইজ ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকাৰ মাজতে পুনৰ নাৰায়ণপুৰৰ ৰাজগড়ত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ অৰুণাচল প্ৰদেশৰ চেঁচা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে বৃহস্পতিবাৰৰ নিশা অঞ্চলটোৰ ৰাতুল বৰা নামৰ ব্যক্তিজনৰ গৃহত প্ৰৱেশ কৰি বহু সা-সম্পত্তি নষ্ট কৰে ৷
হাতীৰ জাকটোৱে ভড়াল ঘৰ ভাঙি ধান খোৱাৰ পিছত পাকঘৰ ভাঙি সকলো সামগ্ৰী নষ্ট কৰি লণ্ড-ভণ্ড কৰে ৷ ইফালে হাতীৰ সন্ত্ৰাসৰ বাবে কোনোমতেহে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটিৰ ৷ হাতীৰ আক্ৰমণত নিশাটো আনৰ ঘৰত আশ্ৰয় ল'বলগীয়া হয় পৰিয়ালটোৱে ৷ উল্লেখ্য যে, বহুদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীয়ে এনেদৰে উপদ্ৰৱ চলাই আহিছে ৷ ৰাইজে বন বিভাগক এতিয়া বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা অঞ্চলটোৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : Stray cows freely roaming on the NH 37:ৰাজপথত উদঙীয়া গৰুৰ সমদল, বাহন-চালক-যাত্ৰীৰ আহুকাল