Inspiring story: শেৱালি সোণোৱালৰ জুয়ে পোৰা ঘৰখন নতুনকৈ সাজিলে গঞাই

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 6:51 PM IST

thumbnail

মৰাণ, 9 অক্টোবৰ : মানৱতাৰ বাবে এটা দিন উৰ্চগা কৰিছে ডিব্ৰুগড়ৰ ২নং চৰাইহাবি গাঁৱৰ ৰাইজে । যি সময়ত ব্যস্ত সমাজ ব্যৱস্থাত দুখৰ সময়তো এজনে আন এজনক এষাৰ মাত দিবলৈ সময়ত অভাৱ ঘটিছে, তেনে সময়ত ডিব্ৰুগড়ৰ ২নং চৰাইহাবি গাঁৱত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য ৷

ঘটনা অনুসৰি যোৱা শনিবাৰে ঘৰত কোনো নথকা অৱস্থাত মৰাণৰ ২নং চৰাইহাবি গাঁৱৰ স্বৰ্গীয় মৃণাল সোণোৱালৰ পত্নী শেৱালি সোণোৱালৰ বাসগৃহত অগ্নিৰ সূত্ৰপাত হয় ৷ নিমিষতে মহিলাগৰাকীৰ ঘৰৰ সকলো আচবাব, গুৰুত্বপূৰ্ণ নথি-পত্ৰ আদি জ্বলি ভস্মীভূত হয় । এই অগ্নিকাণ্ডৰ ফলত মহিলাগৰাকীৰ প্ৰায় ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী অনিষ্ট হয় ৷ তাৰ পৰৱৰ্তী সময়তেই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাই যদিও তেতিয়ালৈ মহিলাগৰাকীৰ বাসগৃহটো জ্বলি ভষ্মীভূত হৈ যায় ৷ 

নিজৰ ঘৰখন হেৰুৱাই দিক বিদিক হেৰুৱাই পেলায় মহিলাগৰাকীয়ে ৷ অৱশেষত সোমবাৰে গাঁৱৰ পুৰুষ-মহিলাসকলে মিলি অসহায় মহিলাগৰাকীক থাকিবলৈ সুবিধা হোৱাকৈ এটি বাসগৃহ নিৰ্মাণ কৰি দিয়ে ৷

লগতে পঢ়ক: Dighalipukhuri Eviction: খাও গল্লিত উচ্ছেদ নচলে; কিন্তু কঠোৰ নিয়ম প্ৰয়োজ্য হ’ব

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.