গ্ৰন্থৰ সুবাস ল’বলৈ গোলাঘাটৰ গ্ৰন্থমেলাত বিদেশী পৰ্যটক দম্পতী

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 1:11 PM IST

thumbnail

গোলাঘাট, 30 নৱেম্বৰ : ‘‘এখন ভাল কিতাপ এশ ভাল বন্ধুৰ সমান ’’ বুলি কোৱা হয় ৷ সেয়ে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত 29 নৱেম্বৰৰ পৰা 6 ডিচেম্বৰলৈকে 8 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে গ্ৰন্থমেলা ৷ গ্ৰন্থৰ সুবাসেৰে জীপাল গোলাঘাট সমন্বয় ক্ষেত্ৰ ৷ ইফালে নিজৰ পছন্দৰ গ্ৰন্থ বিচাৰি গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থপ্ৰেমীৰ ভিৰ পৰিলক্ষিত হৈছে ৷ তাৰ মাজতে এক পৰ্যটক দম্পতীক লৈ চলিছে বিশেষ চৰ্চা ৷

কিয়নো সততে দেখিবলৈ নোপোৱা দৃশ্য দেখা গ্ৰন্থমেলাৰ বাকৰিত ৷ গ্ৰন্থৰ সুবাস ল’বলৈ গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হ’ল ইংলেণ্ডৰ পৰ্যটক দম্পতী ৷ বুধবাৰে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ নিজৰ পছন্দৰ অনুসৰিয়ে কেইবাখনো কিতাপ ক্ৰয় কৰিলে পৰ্যটক দম্পতীয়ে ৷ আনহাতে, পৰ্যটক দম্পতীক সংগ দিয়ে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ৷

ইফালে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হৈ ভাল লাগিল বুলি সাংবাদিকৰ আগত মনৰ কথা ব্যক্ত কৰে পৰ্যটক দম্পতীয়ে ৷

লগতে পঢ়ক : আৰম্ভ হ’ল গোলাঘাট গ্ৰন্থমেলা: পাঁচ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰিলে সমবেত সংগীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.