ডাঃ অঞ্জনজ্যোতি চৌধুৰীৰ গীত আৰু ৰসাল কথাৰে মুখৰিত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 10:20 PM IST

thumbnail

ডিব্ৰুগড়, 6 ডিচেম্বৰ : বুধবাৰে সামৰণি পৰে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷ সামৰণি দিনটোৰ কাৰ্যসূচীৰ মুকলি সভাত মুখ্য বক্তা হিচাবে উপস্থিত থাকে বিশিষ্ট চিকিৎসক ডাঃ অঞ্জনজ্যোতি চৌধুৰী । ৰসাল বক্তব্য তথা সুধাকণ্ঠৰ গীত গাই উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে ।

মুকলি সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী বিমল বড়াই । উক্ত অনুষ্ঠানতে টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ, বিশিষ্ট শিক্ষাবিদ জীৱেশ্বৰ মহন, পূৰ্ণানন্দ গগৈকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

আনহাতে অন্তিম দিনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থ উন্মোচনী সভাও অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত গ্ৰন্থ উন্মোচক হিচাবে উপস্থিত থাকে বিশিষ্ট কবি, সাহিত্যিক তথা নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক ৰাজীৱ বৰা । উক্ত অনুষ্ঠানতে মহাৰজত জয়ন্তীৰ স্মাৰক গ্ৰন্থৰ লগতে আন কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ।

লগতে পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.