thumbnail

By

Published : Aug 19, 2023, 9:54 PM IST

ETV Bharat / Videos

Bhado month begins today:আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ

জোনাই ,১৯ আগষ্ট : আজিৰে পৰা আৰম্ভ পৱিত্ৰ ভাদ মাহ ! নামঘৰসমূহত শনিবাৰৰ পৰা পৰা আৰম্ভ নাম-কীৰ্তন ৷ অগণন ভক্তই ভিৰ কৰিছেহি নামঘৰত ৷ অসমীয়া জাতীয় জীৱনৰ এটা অতিকৈ পৱিত্ৰ মাহ হিচাপে গণ্য কৰা হয় ভাদ মাহক ৷

আজিৰ পৰা এটা মাহ বায়নৰ খোলৰ চাপৰ, গায়নৰ গীতৰ ৰাগ, হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব ৰাজ্যৰ প্ৰতিটো নামঘৰ । অসম অৰুণাচল সীমান্তত অৱস্থিত সোনালী জয়ন্তী গৰকা জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰত শনিবাৰৰ দিনৰ পৰা পৱিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰা শেষৰ তাৰিখলৈ ভকত বৈষ্ণৱ, আই মাতৃয়ে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব ঐতিহ্যমণ্ডিত জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ আকাশ-বতাহ ৷

ঐতিহ্যমণ্ডিত জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰ আজিৰে পৰা সমগ্ৰ ভাদ মাহ দিনে-ৰাতিয়ে খোল-তাল-গীত-মাতৰ শব্দৰে ৰজনজনাই থাকিব ।

লগতে পঢ়ক : Veterinary Hospital in Jonai:এৰাবাৰীত পৰিণত এখন পশু চিকিৎসালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.