তেজপুৰত এছএছবিৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন - SSB Training camp at Shalnibari
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/20-12-2023/640-480-20313240-thumbnail-16x9-tezpur-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 20, 2023, 3:59 PM IST
তেজপুৰ, ২০ ডিচেম্বৰ: সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত থকা ৬৮ নং বাহিনীয়ে দেৱেন্দ্ৰ নগৰত আজি ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে । বাহিনীৰ তেজপুৰ ফ্ৰণ্টিয়াৰ মহাপৰিদৰ্শক বিনোদ নায়কে উদযাপন দিৱসৰ পেৰেডত অভিবাদন গ্ৰহণ কৰে । এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এছ এছ বিয়ে শালনিবাৰীস্থ প্ৰশিক্ষণ শিৱিৰত গৃহমন্ত্ৰীৰ উপস্থিতিত এক কাৰ্যসূচী ৰূপায়ণ কৰিব ।
ইপিনে,এই অনুষ্ঠানৰ বাবে এছএছবিয়ে বুজন সংখ্যক ধনৰ অপচয় কৰাৰ এক বাৰ্তা সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হোৱাৰ বিষয়ে তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহাপ্ৰবন্ধকগৰাকীক প্ৰশ্ন কৰাত তেওঁ কয় যে ই এক ভিত্তিহীন খবৰ । কাৰণ এছএছবিৰ এনেধৰণৰ অনুষ্ঠানৰ বাবে নিজাববীয়াকৈ ধনৰ আবন্টন থাকে । এই ধনৰাশি ১৬ কোটি নহয় । এয়া ভুল বাতৰি প্ৰকাশ পাইছে বুলি তেওঁ মন্তব্য কৰে ।
তেওঁ কয় যে এছএছবিয়ে বিগত সময়ছোৱাত বৃহৎ সংখ্যক গাঞ্জাৰ লগতে অস্ত্ৰ আৰু জনক ধনো জব্দ কৰিছে বুলি । উল্লেখযোগ্য যে এছ এছ বি' য়ে বৰ্তমান ভাৰত ভূটান ,ভাৰত-নেপাল সীমান্তৰ উপৰি অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত সুৰক্ষাৰ দায়িত্বত আছে । ১৯৬২ চনৰ ভাৰত-চীন সংঘাতৰ পিছত ১৯৬৩ চনৰ ২০ ডিচেম্বৰত এছ এছ বি গঠন কৰা হয় । প্ৰথমে ইয়াক বিশেষ সেৱা ব্যুৰো (এছ এছ বি) বুলি জনা গৈছিল যদিও পিছলৈ ২০০১ চনত ইয়াৰ নাম সশস্ত্ৰ সীমা বল ৰখা হয় ।
লগতে পঢ়ক:ধেমাজিত লেচিয়া নৈৰ দুয়োপাৰে এতিয়া দৃশ্যমান হালধীয়া চাদৰ