Developmental schemed in Dalgaon: দলগাঁৱত ছটাকৈ আঁচনি উদ্বোধন বিধায়ক মজিবুৰ‌ ৰহমানৰ - Inauguration of scheme by MLA Mujibur Rahman

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:24 PM IST

দলগাঁও, ২৫ আগষ্ট: দলগাঁও সমষ্টিৰ চাৰিটা পঞ্চায়তত একেদিনাই ছটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰে বিধায়ক মজিবুৰ‌ ৰহমানে‌ । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অভিযন্তাৰ লগত বৰষুণৰ মাজতেই ছটাকৈ আঁচনি ৰাইজৰ বাবে মুকলি কৰে বিধায়কগৰাকীয়ে । দৰং জিলা পৰিষদৰ অনুমোদিত ধনেৰে দলগাঁও সমষ্টিৰ বিধায়কগৰাকীয়ে এই আঁচনি গ্ৰহণ কৰিছে বিভিন্ন গাঁও পঞ্চায়তত ।

এই সমষ্টিটো‌ৰ বিহুদিয়া জিলা পৰিষদৰ অধীনস্থ চাৰিটা পঞ্চায়তত ছটাকৈ আঁচনি মুকলি কৰে বিধায়ক গৰাকীয়ে‌ । বৃহস্পতিবাৰে তেওঁ দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰি বৰষুণক নেওচি প্ৰথমতে বিহুদিয়া গাঁও পঞ্চায়তত দুখন, বাহাবাৰী গাঁও পঞ্চায়তত এখন, গলন্দি গাঁও পঞ্চায়তত এখন আৰু ফকিৰপাৰা গাঁও পঞ্চায়তত দুখন আঁচনি ৰাইজৰ বাবে মুকলি কৰে । 

আঁচনি মুকলি কৰি বিধায়কগৰাকীয়ে কয়, "অকল বিধায়কে সমাজখন আগুৱাই নিব নোৱাৰে  ইয়াৰ বাবে ৰাইজৰ সহযোগ লাগিব । আমি নিজে পৰিৱৰ্তন হ'ব লাগিব, তেতিয়াহে সমাজৰ উন্নয়ন হ'ব ।" উক্ত দিনজোৰা কাৰ্যসূচীত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস,জিলা পৰিষদৰ অভিযন্তা ভৱেন বৰ্মন উপস্থিত থাকে ।

লগতে পঢ়ক:Cheating with wife: ৰাইহানৰ বিয়াত অথন্তৰ; ৰভাতলীত সন্তানসহ উপস্থিত প্ৰথমা পত্নী

For All Latest Updates

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.