thumbnail

Assam electoral roll 2023: শিৱসাগৰ জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

By

Published : Jan 27, 2023, 10:20 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

শিৱসাগৰ, ২৭ জানুৱাৰী: শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে আমগুৰি, শিৱসাগৰ আৰু থাওৰা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি অৰ্থাৎ শুকুৰবাৰে প্ৰকাশ কৰা হয়(Assam electoral roll 2023) । শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত জিলা নিৰ্বাচনী বিষয়া সুগত গোস্বামীয়ে ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ উপস্থিতিত এই চূড়ান্ত খচৰা প্ৰকাশ কৰে(Sivasagar District Final voter list released) ।

যোৱা ৯ নৱেম্বৰত অনুষ্ঠিত সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ সভাত গ্ৰহণ কৰা ভিত্তি তাৰিখ ১ জানুৱাৰী, ২০২৩ তাৰিখলৈ সংশোধিত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয় ৷ চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰি নিৰ্বাচনী বিষয়া সুগত গোস্বামীয়ে(Sivasagar District Electoral Officer)  জানিব দিয়ে যে, উক্ত সময় সীমাৰ ভিতৰত শিৱসাগৰ নিৰ্বাচনী জিলাত ওঠৰ বছৰ সম্পূৰ্ণ কৰা নতুন ভোটাৰৰ সংখ্যা ৭৩৯৮ গৰাকী বৃদ্ধি হৈছে ।

সেইদৰে আমগুৰি, থাওৰা আৰু শিৱসাগৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা ভোটাৰৰ সংখ্যা হৈছে ক্ৰমে ১৪২৬, ২০৩৭ আৰু ১৩৫৯ গৰাকী । এই সময়চোৱাত মুঠ ৪৮২২ গৰাকী ভোটাৰ বৃদ্ধি হৈছে বুলি তেওঁ আজিৰ তালিকা প্ৰকাশ সভাত উল্লেখ কৰে । ইয়াৰে ১.০৩ শতাংশ হিচাপত ১৯৮৫ গৰাকী পুৰুষ(Male voters in Sivasagar) আৰু ১.৪৮ শতাংশ হিচাপত ২৮৩৬ গৰাকী মহিলা ভোটাৰ(Femal voters in Sivasagar) চূড়ান্ত সংশোধিত ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ।

ভোটাৰ তালিকা সংশোধনৰ কাম তিনি মাহৰ অন্তৰত চলি থাকিব বুলি বিষয়াগৰাকীয়ে জানিব দি এই ক্ষেত্ৰত নতুন ভোটাৰসকলক নামভৰ্তি প্ৰক্ৰিয়াত অংশ ল’বলৈ আহ্বান জনায় । আনহাতে আজি উপস্থিত থকা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আধাৰ কাৰ্ডক লৈ সৃষ্টি হোৱা সমস্যা সন্দৰ্ভত অৱগত কৰে । আজিৰ চূড়ান্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ অনুষ্ঠানত কংগ্ৰেছ দলৰ সৌৰভ দত্ত, ৰাইজৰ দলৰ ৰীতামণি ফুকন আৰু দুলাল দাস তথা এনচিপি দলৰ আলমাচ আহমেদ উপস্থিত থাকে ।

লগতে পঢ়ক: Assam electoral roll 2023: অসমৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ ; মুঠ ভোটাৰৰ সংখ্যা 24111743গৰাকী

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.