thumbnail

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 1:07 PM IST

ETV Bharat / Videos

25 টা বসন্ত গৰকিলে সৰুপথাৰ প্ৰেছ ক্লাবে, 25 গৰাকী ব্যক্তিক সম্বৰ্ধনা

সৰুপথাৰ, 27 নৱেম্বৰ : সৰুপথাৰ প্ৰেছ ক্লাবে ভৰি দিলে গৌৰৱোজ্বল 25 বৰ্ষত ৷ সেয়ে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে দেওবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় বিভিন্ন অনুষ্ঠানৰ ৷ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে সৰুপথাৰ ৰামধেনু মুকলি প্ৰেক্ষাগৃহত বিনামূলীয়া চিকিৎসা সেৱা শিৱিৰ আয়োজন কৰা হয় ৷

ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ লগত সংগতি ৰাখি সৰুপথাৰ প্ৰেছ ক্লাবে দ্বিতীয় দিনা সোমবাৰে বিশিষ্ট ব্যক্তিৰ দ্বাৰা 25 খনকৈ পতাকা উত্তোলন কৰিব বুলি উল্লেখ কৰে সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি সৰুপথাৰ দ্বীপেন বৰাই ৷ আজি অনুষ্ঠিত হ’বলগা সভাত ধনশিৰি মহকুমাত বিশেষ ভূমিকা পালন কৰা 25 গৰাকী অগ্ৰজ ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে তিনিগৰাকী বিশিষ্ট সাংবাদিকক সম্বৰ্ধনা জনোৱা হ’ব। এই কথা জানিবলৈ দিছে সৰুপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বৰাই ৷

লগতে পঢ়ক : বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.