Robbery in Nagaon: অকলশৰীয়া মহিলাৰ বাসগৃহত ডকাইতিকাণ্ড - অকলশৰীয়া মহিলাৰ বাসগৃহত ডকাইতিকাণ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06-10-2023/640-480-19696474-thumbnail-16x9-nagaon-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 6, 2023, 2:18 PM IST
নগাঁও,৬ অক্টোবৰ: শুকুৰবাৰে কাহিলি পুৱাতেই নগাঁৱৰ মৰিকলঙত সংঘটিত হয় এক লোমহৰ্ষক ডকাইতিৰ ঘটনা । ধন সোণ বিচাৰি পুৱাই মহিলাক হত্যাৰ ভাবুকি আৰু আক্ৰমণ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ । আনকি ডকাইতৰ আক্ৰমণত আহত হয় মহিলাগৰাকী । নগাঁৱৰ মৰিকলঙৰ সেউজ নগৰত সংঘটিত এই ডকাইতিৰ ঘটনা ।
আহত মহিলাগৰাকীৰ নাম অঞ্জু প্ৰভা বৰা । পুৱাই ঘৰটোত প্ৰৱেশ কৰা ডকাইতৰ দলটোৰ আক্ৰমণত আহত হয় মহিলাগৰাকী । মৃত্যুৰ ভাবুকি পৰ্য্যন্ত দিয়া ডকাইতৰ দলটোৱে মহিলাগৰাকীক আক্ৰমণ কৰি এটিএম লৈ যোৱাৰ লগতে ভয় ভাবুকিৰে এ টি এমৰ পিন নম্বৰো লৈ যায় । পিছত ৰহাৰ এটিএমত ডকাইতে টকা উলিওৱাৰ তথ্যও লাভ কৰিছে পৰিয়ালটোৱে ।
লগতে পঢ়ক: Ashok Singhal in Bongaigaon; এইবাৰ বৰপেটা লোকসভা সমষ্টিত বিজেপিৰ জয় নিশ্চিত : অশোক সিংহল