thumbnail

By

Published : Feb 5, 2023, 4:59 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

ETV Bharat / Videos

Rasleela celebration: মাজুলীৰ বনগাঁৱত ৰাসলীলাৰ প্ৰস্তুতি সম্পন্ন

মাজুলী,৫ ফ্ৰেব্ৰুৱাৰী: মাঘী পূৰ্ণিমাৰ পৰা মাজুলীৰ বনগাঁৱত অনুষ্ঠিত হ'ব শ্ৰী কৃষ্ণৰ ৰাসলীলা । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে মাজুলীৰ বনগাঁৱত । দ্বিতীয় বৃন্দাবনলৈ ৰূপান্তৰিত হৈছে সত্ৰনগৰী মাজুলীৰ বনগাঁও(Rasleela celebrating at Bongaon in Majuli) । বনগাঁও মিলনপুৰ আঞ্চলিক যুৱ কৃষ্টি সংঘই প্ৰথমবাৰৰ বাবে মাঘৰ পূৰ্ণিমাত আয়োজন কৰিছে শ্ৰীকৃষ্ণৰ ৰাসলীলা(Rasleela celebration) । 

মাজুলীৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে সাৱলীল অভিনয়ে জীপাল কৰিব বনগাঁও মিলনপুৰ আঞ্চলিক যুৱ কৃষ্টি সংঘই আয়োজন কৰা এই শ্ৰী কৃষ্ণৰ ৰাসলীলা । প্ৰথমবাৰৰ বাবে মাঘৰ পূৰ্ণিমাত আয়োজন কৰা এই শ্ৰীকৃষ্ণৰ ৰাসলীলাত মাজুলীৰ সকলো স্তৰৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে । এই উপলক্ষে শনিবাৰে অনুষ্ঠিত হয় বৰআখৰা । নিশা দুপৰলৈকে এই ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিল শিল্পীসকল । 

এই সন্দৰ্ভত আয়োজকসকলে জানিবলৈ দিয়া অনুসৰি যদিও তেওলোকে ৫ আৰু ৬ ফ্ৰেব্ৰুৱাৰীত শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰিছিল কিন্তু এই দুয়োটা দিনতে ৰাইজৰ সঁহাৰি লাভ কৰিলে ৭ ফ্ৰেব্ৰুৱাৰীতো এই ৰাসৰ প্ৰদৰ্শনী আগবঢ়াব । 

উল্লেখ্য যে, ৰাস বুলি ক'লেই যেন মাজুলীত বিৰাজ কৰে এক বিশেষ পৰিৱেশে । সত্ৰনগৰী মাজুলীত পৰম্পৰা ৰক্ষা কৰি শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত হয় শৰৎ কালৰ পূৰ্ণিমা নিশাত । প্ৰায় এসপ্তাহজুৰি চলে এই ৰাসলীলা । যাৰ আখৰা পৰম্পৰা অনুসৰি আৰম্ভ হয় লক্ষ্মী পূৰ্ণিমাৰ দিনাৰ পৰা । এই ৰাস মহোৎসৱ উপভোগ কৰিবলৈ মাজুলীলৈ ঢাপলি মেলে ৰাজ্য তথা দেশৰ লগতে বিভিন্ন দেশৰ বহু পৰ্যটকে ।

মুখা শিল্পৰ বাবে বিশেষ খ্যাতি থকা মাজুলীৰ ৰাসত ব্যৱহাৰ কৰা হয় বিভিন্ন মুখা(Historic Mukha Shilpa) । মাজুলীৰ ৰাসত দেখা যায় বিশালকায় অঘাসুৰ, বকাসুৰৰ ৰূপত বিসালকায় অজগৰ, বগলী ইত্যাদি । যি মাজুলীৰ ৰাসৰ প্ৰতি যিকোনো লোককে সহজে আকৰ্ষিত কৰবলৈ সক্ষম হয় । পিছে এইবাৰ সেই পৰম্পৰাৰ উপৰিও পৱিত্ৰ মাঘী পূৰ্ণিমাত মাজুলীৰ বনগাঁৱত আয়োজন কৰিছে এই ৰাসলীলাভাগৰ । 

লগতে পঢ়ক: Theft incident at Basistha: এক মুহূৰ্তৰ বাবেও ঘৰ এৰিব নোৱাৰা হৈছে মহানগৰবাসীয়ে; খাপ পিটি থাকে চোৰে

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.