Ranoj Pegu visits Morigaon: গুণোৎসৱৰ ফলাফল সম্পৰ্কত কি ক’লে শিক্ষামন্ত্ৰী ডাঃ পেগুৱে ? - জনজাতীয় জিৰণি চ’ৰা মুকলি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 28, 2023, 10:52 PM IST

মৰিগাঁও, 28 এপ্ৰিল : গুণোৎসৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ক'ত কেনেকৈ কি ব্যৱস্থা ল’বলগীয়া আছে সেই বিষয়ে জনাত সহায় কৰিছে । ‘‘গুণোৎসৱৰ ফলাফলৰ ভিত্তিত ষষ্ঠ অনুসূচীভুক্ত জিলা কেইখনত আমি চৰকাৰ আৰু শিক্ষা বিভাগে ল’বলগীয়া ব্যৱস্থা কালিৰ পৰা লৈছো । ৰাজ্যৰ ৬০ লাখ ছাত্ৰ-ছাত্ৰী আৰু আঢ়ৈ লাখ শিক্ষকৰ মাজত কৰবাত নহয় কৰবাত সমস্যা থকাটো থাকিবই’’ ৷ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী গৰাকীয়ে (Ranoj Pegu visits Morigaon) ৷ মৰিগাঁৱত এই মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

শুকুৰবাৰে শিক্ষামন্ত্ৰীয়ে মৰিগাঁও, নগাঁও আৰু হোজাইত অসম চৰকাৰৰ পুঁজিৰে নিৰ্মিত তিনিটাকৈ জনজাতীয় জিৰণি চ’ৰা মুকলি কৰে (Assam tribal rest house) । স্বাধীনতা পিচৰে পৰা ৰাজ্যৰ জিলা সদৰ, মহকুমাত অসম আৰ্হিৰ ঘৰ নিৰ্মাণ কৰা হৈছিল যদিও সেই সমূহ জহি-খহি যোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ পৰা চহৰলৈ অহা জনজাতীয় লোকসকলে যাতে জিৰণি ল'ব পাৰে সেই লক্ষ্যৰে মৰিগাঁৱতো ২ কোটি টকা ব্যয় সাপেক্ষে ১২ টাকৈ কোঠালিৰে নিৰ্মাণ কৰা হৈছে জনজাতীয় অতিথিশালা ( tribal rest house in three districts )।

মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱনচন্দ্ৰ কোঁৱৰৰ লগতে বহু কেইটা তিৱা জনজাতীয় দল সংগঠনৰ নেতৃত্ব এই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল ।

লগতে পঢ়ক : Protest at Chachal : ছেবা ৰক্ষাৰ সংকল্পৰে চচলত ৮ টাকৈ সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.