মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হ’ব বুলি অপপ্ৰচাৰ চলাই আছে : ৰাণা গোস্বামী - BJP ক কটাক্ষ

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 10:20 AM IST

ডিব্ৰুগড়, 31 ডিচেম্বৰ : ‘‘বিজেপি দল শংকিত হৈছে ৷ সেয়ে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হ’ব বুলি অপপ্ৰচাৰ চলাই আছে ৷’’ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাণা গোস্বামীয়ে ৷

সমাগত লোকসভা নিবাৰ্চনক লৈ শাসক দল বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে অনুষ্ঠিত কৰিছে বিকশিত ভাৰত সংকল্প যাত্ৰা । শাসক দলৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বিধায়ক সকলোৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক প্ৰকাৰে লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে উঠিপৰি লাগিছে । পিচপৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ দলো । বুথ সভাপতি আৰু বি এল অ’সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছে কংগ্ৰেছে ।

চৰাইদেউৰ মাহমৰাত শনিবাৰে এই প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰি বিজেপি আৰু মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে । আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ চৈধ্যটা লোকসভা সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ একো একোজন উমৈহতীয়া প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰে ৰাণা গোস্বামীয়ে ৷

লগতে পঢ়ক : চিচিবৰগাঁৱত উপ জিলা কাৰ্যালয় স্থাপন কৰাৰ দাবীত অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.