Ban on Powerloom gamochas : পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত অভিযান - পাৱাৰলুম গামোছাৰ বিৰুদ্ধে বাইহাটা চাৰিআলিত অভিযান
🎬 Watch Now: Feature Video
বাইহাটা চাৰিআলি, 21 মাৰ্চ: কামৰূপৰ বাইহাটা চাৰিআলিত পাৱাৰলুম গামোছাৰ বিৰুদ্ধে অভিযান । হস্তঁতাত বস্ত বিভাগ আৰু ৰঙিয়া মহকুমা প্ৰশাসনে চলায় এই অভিযান । বাইহাটা চাৰিআলিৰ চ’ক বজাৰত চলোৱা অভিযানত কেইবাখনো দোকানৰ পৰা জব্দ কৰা হয় পাৱাৰ লুমৰ গামোচাৰ লগতে শাৰী । ৰাজ্যৰ লাখ লাখ থলুৱা শিপিনীক বজাৰ দিয়াৰ উদ্দেশ্যৰে হঁস্ততাত ৰিজাৰ্ভেছন আইন 1985 ৰ অধীনত পাৱাৰ লুমৰ গামোচা, মেখেলা চাদৰ, দখনা বিক্ৰী নিষিদ্ধ কৰা হৈছে ৷ ইয়াৰ বাবেই অবৈধ বিক্ৰীৰ বিৰুদ্ধে অভিযান চলাই থকা বুলি কয় অভিযানকাৰী দলে (Kamrup administration against powerloom) ৷
আনহাতে চৰকাৰে পাৱাৰলুমৰ গামোচা, মেখেলা-চাদৰ বিক্ৰী নিষিদ্ধ কৰা কাৰ্য স্বাগতম জনাইছে একাংশ ব্যৱসায়ীয়ে ৷ কিয়নো অন্য ৰাজ্যৰ পৰা অহা গামোচা খনে যি দৰে বজাৰ দখল কৰিছে তাৰ ফলত আমাৰ শিপিনী সকলে বনোৱা গামোচাৰ লগতে অন্য বস্ত্ৰ বজাৰ বিক্ৰী কৰাত যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছে (Raid against power loom products) ।