Public protest in Nagaon: মুখ্যমন্ত্ৰীৰ আগমনৰ সময়তে নগাঁৱত প্ৰতিবাদ - Public protest against shifting of BPCH

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2023, 2:04 AM IST

Updated : Feb 3, 2023, 8:40 PM IST

নগাঁও, 2 ফেব্ৰুৱাৰী: নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বহু গুৰুত্বপূৰ্ণ বিভাগ ইতিমধ্যেই মুকলি হ’বলগীয়া নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁও চহৰত (Nagaon BPCH shifted to medical college)। চহৰখনৰ মাজমজিয়াত থকা মধ্য অসমৰে গুৰুত্বপূৰ্ণ চিকিৎসালয় শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিভাগসমূহ চিকিৎসা মহাবিদ্যালয়খনলৈ স্থানান্তৰ কৰা কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে নগাঁও চহৰৰ ৰাইজৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকল (Public protest in Nagaon) । 

শ্বহীদৰ নামত থকা চিকিৎসালয়খনে অস্তিত্ব হেৰুওৱাৰ আশংকাতেই বৃহস্পতিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে স্থানীয় লোক, ক্ষুদ্ৰ ব্যৱসায়ীসকলে । বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁৱৰ ম'হখুলিস্থিত নিৰ্মীয়মান নগাঁও মেডিকেল কলেজ পৰিদৰ্শন কৰিবলৈ অহাৰ প্ৰাকমুহূৰ্তত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে (CM Himanta visits Nagaon Medical college)। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বহিঃ বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ স্থানান্তৰ কৰা হৈছে ম'হখুলিস্থিত নিৰ্মীয়মান মেডিকেল কলেজলৈ । যাক লৈয়েই ক্ষোভিত হৈ পৰিছে নগঞা জনতা (New Medical college in Nagaon) । 

লগতে পঢ়ক: Nagaon Medical college: ৰোগী সেৱাৰ বাবে সাজু হৈ উঠিছে নগাঁও চিকিৎসা মহাবিদ্যালয়

উল্লেখ্য যে, ম'হখুলিস্থিত নিৰ্মীয়মান নগাঁও মেডিকেল কলেজৰ আৰম্ভণিৰ পূৰ্বেই প্ৰথমে আৰম্ভ কৰা হৈছিল প্ৰসূতি বিভাগ । চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰাৰ লগে লগে আন আন কক্ষবোৰ মুকলি কৰিবলৈ আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে (Nagaon Medical college ready for service)। শেহতীয়াকৈ স্বাস্থ্য বিভাগে ম'হখুলিস্থিত নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ মুকলি কৰিছে (OPD in Nagaon Medical college)। অৱশ্যে আনুষ্ঠানিকভাৱে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগ মুকলি কৰা নাই যদিও প্ৰাৰম্ভিকভাৱে মুকলি কৰি আগবঢ়োৱা হৈছে স্বাস্থ্য সেৱা । 

ইতিমধ্যে নগাঁও মেডিকেল কলেজৰ বাবে অধ্যক্ষও নিয়োগ কৰা হৈছে । জ্যেষ্ঠ চিকিৎসক ডাঃ শিল্পীৰাণী বৰ্মনক নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । নগাঁও চিকিৎসা মহাবিদ্যালয় মুকলিৰ বাবে প্ৰায় সাজু হৈছে যদিও এতিয়া অপেক্ষা কৰিবলগীয়া হৈছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতিৰ বাবে । ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি লাভ কৰাৰ পিচতেই মুকলি কৰা হ'ব নগাঁও মেডিকেল কলেজ ।

ইফালে, কোকৰাঝাৰতো ৰূপনাথ ব্ৰহ্ম চিকিৎসালয়ৰ বিভাগসমূহ নৱনিৰ্মিত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰ কৰাক লৈ অব্যাহত আছে প্ৰতিবাদ (RNB civil Hospital In Kokrajhar) ৷ অসামৰিক চিকিৎসালয়খনৰ কৰ্মচাৰীসকলকো ইতিমধ্য চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়োৱাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰা হৈছে ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসা সেৱা অব্যাহত ৰখাৰ বাবে চৰকাৰ ততা স্বাস্থ্য বিভাগলৈ অনুৰোধ জনাইছে কোকৰাঝাৰৰ ৰাইজে ৷

লগতে পঢ়ক: RNB civil hospital: ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় স্থানান্তৰৰ নিৰ্দেশত অসন্তুষ্ট কোকৰাঝাৰবাসী

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.