Public protest in Dibrugarh: বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে পানীত নামি ৰাইজৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
ডিব্ৰুগড়,02 আগষ্ট: শ শ শ্ৰমিকে পানীত নামি হাতে হাতে প্লে' কাৰ্ড লৈ অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ডিব্ৰুগড়ৰ চাউলখোৱাত ৷ কৃত্ৰিম বান পৰিস্থিতিত হাহাকাৰ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱা গ্ৰান্ট গাঁৱৰ নতুন লাইনৰ বাসিন্দাসকলে বুধবাৰে বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এজাক বৰষুণতে কৃত্ৰিম বানত অৱৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ বাসিন্দাসকল ।
বছৰ বছৰ ধৰি অঞ্চলটোত কৃত্ৰিম বান পৰিস্থিতি সমাধানৰ বাবে গুৰুত্বই দিয়া নাই বিভাগীয় কৰ্তৃপক্ষৰ লগে বিধায়ক গৰাকীয়ে ৷ নিৰ্বাচনৰ সময়ত কেৱল ভোট বেকংৰ বাবে প্ৰতিশ্ৰুতি দিয়ে ৷ এই দৰে ক্ষোভ উজাৰে প্ৰতিবাদকাৰী ৰাইজে ৷ আনহাতে প্ৰতিবাদত আটছাৰ নেতাই অংশ লৈ বিধায়ক প্ৰশান্ত ফুকনৰ বিৰুদ্ধে সৰৱ হয় ৷ বিধায়ক গৰাকীয়ে অঞ্চলটোৰ ৰাইজক উন্নয়নৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ সংগঠনটোৰ ৷