Protest in Majuli: মাজুলীত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - Congress against electricity charges hike

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 1:30 PM IST

মাজুলী,৪ অক্টোবৰ: বৰ্দ্ধিত বিদ্যুৎ মাচুলে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক । বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে প্ৰতিবাদ ধৰ্মঘট । ৰাজ্যৰ অন্যান্য় প্ৰান্তৰ সমান্তৰালভাৱে মাজুলীতো অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । কমলাবাৰী-দক্ষিণ কমলাবাৰী মণ্ডল কংগ্ৰেছে কমলাবাৰী চাৰিআলিত APDCL য়ে প্ৰেৰণ কৰা বৰ্দ্ধিত বিদ্যুৎ মাচুলৰ জাননীৰ 'চাৰ্কুলাৰ দাহ' কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছ দলৰ শতাধিক কৰ্মী ।  

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মীসকলে কয় যে বৰ্দ্ধিত বিদ্যুৎ মাচুলে সাধাৰণ ৰাইজক বিপদত পেলাইছে । বিজেপি নেতৃত্বাধীন চৰকাৰখনে সাধাৰণ ৰাইজক মাধমাৰ শোধাবৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । কংগ্ৰেছ দলে সদায় সাধাৰণ জনতাৰ হৈ কাম কৰি আহিছে যাৰবাবে আজি এই পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে । চৰকাৰে ৰাইজৰ হৈ কাম কৰক, সাধাৰণ ৰাইজক মাধমাৰ শোধাই যিকোনো সিদ্ধান্ত গ্ৰহণ নকৰাৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: Protest at Jorhat: স্বায়ত্ত শাসনৰ দাবীত যোৰহাটত তিনি সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.