thumbnail

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:53 AM IST

ETV Bharat / Videos

Football tournament at Manikpur: মৌ-খোৱা চানেকি খেলপথাৰত ফুটবল প্ৰতিযোগিতা

মাণিকপুৰ, 26 ছেপ্টেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ মৌ-খোৱা চানেকি সংঘৰ উদ্যোগত সোমবাৰৰ পৰা আৰম্ভ হয় মৰহুম মতিয়ৰ ৰহমান আৰু মৰহুনা গুলে মনোৱাৰা সোঁৱৰণী প্ৰাইজ মানি ও ট্ৰফী ফুটবল প্ৰতিযোগিতা । মৌ-খোৱা চানেকি খেল পথাৰত প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে বিশিষ্ট খেলুৱৈ আবুল হুছেইনে । প্ৰতি বছৰৰ দৰে এইবাৰো 24 টা দলে অংশ গ্ৰহণ কৰিব উক্ত প্ৰতিযোগিতাত । 

সোমবাৰে উদ্বোধনী মেচখন কাটাঝাৰ এফ চি ক্লাৱ আৰু ভাংনামাৰী চোলজাৰ এফ চি ক্লাৱৰ মাজত অনুষ্ঠিত হয় ৷ মেচখনত কাটাঝাৰ এফ চি ক্লাৱে 5-0 গ’লৰ ব্যৱধানত ভাংনামাৰী ছ’লজাৰ এফ চি ক্লাৱক পৰাস্ত কৰে ৷ 

উল্লেখ্য যে প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা দলক প্ৰথম পুৰস্কাৰ হিচাপে 25 হাজাৰ টকা আৰু ট্ৰফী, ৰানাৰ্ছ-আপ দলক 20 হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰিব বুলি জানিব দিছে আয়োজক কমিটিয়ে ৷ 

লগতে পঢ়ক:Poshan Mah observed in Bongaigaon: পোষণ মাহ উপলক্ষে থলুৱা খাদ্য সামগ্ৰীৰ বিশেষ প্ৰদৰ্শনী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.