Construction of embankment in Karbi Anglong: পশ্চিম কাৰ্বি আংলঙক বানমুক্ত কৰাৰ লক্ষ্যৰে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ - construction of embankment in Karbi Anglong
🎬 Watch Now: Feature Video
ডিফু, 4 মাৰ্চ : অসম চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে দিনজোৰা চৰকাৰী কাৰ্যসূচীৰে উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙত (Pijush Hazarika visit west Karbi anglong) ৷ মন্ত্ৰীগৰাকীৰ উপস্থিতিৰ সময়ছোৱাত পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন আঁচনি পৰিদৰ্শন কৰাৰ লগতে ৬ নং বিথুং পৰিষদীয় সমষ্টিৰ অধীনস্থ চাৰিটাকৈ স্থানত অৰ্থাৎ হাঞ্চে জাপান গাঁৱৰ পৰা তৰাডুবিলৈ প্ৰায় সাত কিলোমিটাৰ দৈৰ্ঘৰ জলসম্পদ বিভাগৰ নদী বান্ধ আঁচনিৰ শিলান্যাস কৰে (Pijush Hazarika laid foundation stone for construction of embankment) ৷
বাৰিষাৰ সময়ছোৱাত কপিলী নদীৰ দাঁতি কাষৰীয়া ৰাইজৰ মাজত হৈ অহা দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি ষাঠি কোটি টকাৰ ব্যয় সাপেক্ষে এই বৃহৎ দৈৰ্ঘৰ মথাউৰিটো নিৰ্মাণৰ কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷
ৰাজ্যৰ এচ অ পি ডি আঁচনিৰ অধীনত শুকুৰবাৰে এই বৃহৎ আঁচনিখনৰ শিলান্যাস কৰা হয় ৷ আঁচনিখনৰ শিলান্যাসৰ কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (KAAC CEM Tuliram Ronghang), জিলাখনৰ স্থানীয় বিধায়কদ্বয়ৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ৷
শিলান্যাসৰ পিছতেই অনুষ্ঠিত এখন ৰাজহুৱাত সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাজহুৱাত সভাখনত দিয়া ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত পশ্চিম কাৰ্বি আংলং জিলাক বানমুক্ত কৰিবলৈ জল সম্পদ বিভাগে নিষ্ঠাৰে কাম কৰি যাব বুলি উপস্থিত ৰাইজক আশ্বাস প্ৰদান কৰে ৷
লগতে পঢ়ক : Appointment letters distribution in Diphu : প্ৰাথমিক বিদ্যালয়ৰ ১৩৩ গৰাকী শিক্ষকলৈ নিযুক্তি পত্ৰ প্ৰদান
TAGGED:
KAAC CEM Tuliram Ronghang