পুৰণিক বিদায় দিয়াৰ বাবে সাজু মহানগৰবাসী; বজাৰত ভিৰ গ্ৰাহকৰ - বজাৰত ভিৰ গ্ৰাহকৰ
🎬 Watch Now: Feature Video
Published : Dec 31, 2023, 1:24 PM IST
গুৱাহাটী, ৩১ ডিচেম্বৰ : ৩১ ডিচেম্বৰৰ বাবে সাজু গুৱাহাটী মহানগৰবাসী । পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতিৰে বজাৰত ভিৰ বাঢ়িছে গ্ৰাহকৰ । বছৰৰ অন্তিম দিনা লগে ভাগে এসাঁজ খোৱাৰ বাবে গুৱাহাটীৰ বজাৰত ভিৰ বাঢ়িছে ক্ৰেতা-বিক্ৰেতাৰ । গুৱাহাটীৰ এখন অন্যতম বজাৰ নাৰেংগী কলংপাৰ বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ বিৰ দি বাট নোপোৱা অৱস্থা ।
কি শাক পাচলি, কি মাছ-মাংসৰ বজাৰ ৷ সকলোতে গ্ৰাহকৰ অভাৱনীয় ভিৰ । অৱশ্যে যোৱা কেইদিনমানৰ তুলনাত বজাৰত আজি দিনটোত অত্যাৱশ্যকীয় বয় বস্তুৰ জুই চাই দাম দেখা গৈছে । ততস্বত্বেও ইংৰাজী নৱবৰ্ষক আদৰাৰ বাবে কৃপণালি কৰা নাই গুৱাহাটীৰ বাসিন্দাই ।
গ্ৰাহকৰ চাহিদা অনুসৰি বজাৰত উপলব্ধ হৈছে হাজো, চন্দ্ৰপুৰ, নগাঁও, জাগীৰোড আদিৰ পৰা আমদানি কৰা ৰৌ, ভকুৱা, শীতল, বৰালি আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছ । সমান্তৰালকৈ শাক পাচলিৰ বজাৰতো ভিৰ বাঢ়িছে গ্ৰাহকৰ ।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হ’ব বুলি অপপ্ৰচাৰ চলাই আছে : ৰাণা গোস্বামী