Paddy field at Tingkhong: হেঁপাহৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত দাৱনী
🎬 Watch Now: Feature Video
আঘোন মানেই সোণগুটিৰে পথাৰ সোনোৱালী হৈ পৰা মাহ (Paddy field at Tingkhong)৷ বাৰিষাৰ ঘাম সৰা বোকাময় পথাৰত সিঁচা আশাৰ কঠীয়া সোণালী হৈ জিলিকে আঘোণৰ পথাৰত । আঘোণৰ ভৰপুৰ পথাৰত চৌদিশে সোণগুটি চপোৱাত ব্যস্ত এতিয়া কৃষক-দাৱনী ৷ চৌদিশে নদন-বদন সোণোৱালী পথাৰৰ পৰা কৃষিজীৱী অসমীয়াই সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে ৷ জাক জাক দাৱনীৰ খিলখিল হাঁহিত হালিজালি নাচি উঠিছে সোণোৱালী ধাননিডৰা । এয়া টিংখাঙৰ মাহমৰা আৰু বৰটানি পথাৰৰ দৃষ্টিনন্দন দৃশ্য ৷ সোণোৱালী পথাৰত একেলগে ধান কটাত ব্যস্ত হৈ পৰিছে জাক জাক মহিলা ৷ ধান কটাৰ মাজতে আনন্দতে গীত জুৰিছে মহিলাই ৷ তাৰোপৰি আজৰি সময়ত জুতি লৈছে ৰবাব টেঙাৰ ৷ টিংখাঙৰ মাহমৰা আৰু বৰটানি গাঁৱৰ জ্ঞাতি সমাজৰ মহিলা সকলে একেলগে গাঁওখনৰ প্ৰতিগৰাকী কৃষকৰ পথাৰত সমজুৱাভাৱে ধান কটা দৃশ্যই মুগ্ধ কৰিছে সকলোকে ৷
Last Updated : Feb 3, 2023, 8:34 PM IST