thumbnail

By

Published : Jun 15, 2022, 9:35 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

Dima Hasao Incessant Rainfall: ধ্বংসস্তূপত পৰিণত 27 নং ৰাষ্ট্ৰীয় ঘাইপথ

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত প্ৰকৃতিৰ ৰুদ্ৰৰূপ অব্যাহত আছে (Heavy rainfall in Dima Hasao)। বুধবাৰে প্ৰকৃতিৰ তাণ্ডৱ লীলাত বিধস্ত হৈ পৰে শিলচৰ-সৌৰাষ্ট্ৰ ইষ্ট-ৱেষ্ট ক’ৰিডৰ (East West Corridor)। বুধবাৰে ধাৰাসাৰ বৰষুণত এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হয় 27 নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰাষ্ট্ৰীয় ঘাইপথটোৰ এটা অংশ সম্প্ৰতি নৈ-লৈ পৰিণত হৈছে । ইপিনে হাফলং-শিলচৰৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাৰেংগাজাওৰ সমীপৰ দিমৰুচৰা আৰু কাপোৰচ’ৰাত ভূমিস্খলনৰ ফলত ঘাইপপথ বন্ধ হৈ পৰে । দিমৰুচৰা নৈৰ পানীয়ে ঘাইপথৰ বৃহৎ অংশ উটুৱাই লৈ যোৱাৰ ফলত অনিৰ্দিষ্ট কালৰ বাবে যানবাহনৰ চলাচল বন্ধ হৈ পৰে ৷ ফলত সম্প্ৰতি শিলচৰ-গুৱাহাটী আৰু শিলচৰ-হাফলঙৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.