Assam Gaurav Award: নলবাৰীৰ মৎস্য উৎপাদক দেৱজিৎ বৰ্মনলৈ অসম গৌৰৱ বঁটা

By

Published : Jan 4, 2023, 7:53 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail
‘‘পথাৰ আমাৰ বজাৰ আমাৰ’’ এই শ্লোগান যে লাহে লাহে বাস্তৱত পৰিণত হ’বলৈ ধৰিছে, তাৰেই উদাহৰণ বহন কৰি আজি সমাদৃত হৈছে নলবাৰীৰ নানকা ভয়ৰাৰ দেৱজিৎ বৰ্মন নামৰ এজন ব্যক্তি (Nalbari fish farmer Devjit Barman) ৷ কেইবাবছৰ ধৰি কৃষিকৰ্মৰ লগতে মীন পালন কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ উপৰিও তেওঁ আন কেইবাজনকো দিছে সংস্থাপন । কষ্ট আৰু একাগ্ৰতাৰে কৃষিকৰ্মকে উপাৰ্জনৰ সাৰথি কৰি লোৱা দেৱজিৎ বৰ্মনে আজি ফল লাভ কৰিছে ৷ অসম চৰকাৰে বিগত বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ৰাজ্যিক অসামৰিক বঁটাৰ এই বৰ্ষৰ প্ৰাপকৰ তালিকাত নাম জিলিকিল লোকজনৰ (Assam Gaurav Award 2023) ৷ বুধবাৰে অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে দেৱজিৎ বৰ্মনৰ ৷ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে লোকজনে ৷ ১৯৯০ চনৰ পৰা দেৱজিৎ বৰ্মনে আজিলৈকে এই কৃষিকৰ্ম কৰি আছে ৷ বিভিন্ন ধৰণৰ শস্যৰ খেতি তথা মীন পালন প্ৰশিক্ষণৰ বাবে বহুবাৰ অসমৰ বাহিৰলৈ যোৱা বুলিও প্ৰকাশ কৰে তেওঁ ৷ বঁটা লাভৰ খবৰে উৎফুল্লিত কৰাৰ লগতে দুগুণ উৎসাহেৰে আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে দেৱজিৎ বৰ্মনক (Devjit Barman selected for Assam Gaurav Award) ৷
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.