আলফা (স্বা)ৰ সদস্য বীৰেন চেতিয়াক বিচাৰি বৃদ্ধ মাতৃৰ হাহাকাৰ; ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ আহ্বান - আলফাত যোগদান
🎬 Watch Now: Feature Video
Published : Nov 27, 2023, 9:15 PM IST
ডিব্ৰুগড়, 27 নৱেম্বৰ : আলফা (স্বা) ৰ শিবিৰত শেহতীয়াকৈ এজনৰ পাছত আন এজন সদস্যৰ মৃত্যুৰ খবৰে যেন বহু মাতৃৰ বুকু কঁপাই তুলিছে ৷ ইতিমধ্যে আলফাৰ শিবিৰত বিভিন্ন কাৰণত সংগঠনটোৰ সদস্যৰ মৃত্যুয়ে বহুতৰে কপাল উকা কৰাৰ লগতে বহু মাতৃৰ বুকু শুদা হৈছে ৷
আলফা (স্বা)ৰ সদস্য বীৰেন চেতিয়াক বিচাৰি এতিয়া বৃদ্ধ মাতৃৰ হাহাকাৰ ৷ বিগত বৰ্ষত আলফাত যোগদান কৰা মৰাণৰ বেজপথাৰ গাঁৱৰ বীৰেন চেতিয়া (32)ক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান বীৰেন চেতিয়াৰ পৰিয়ালৰ ৷ ঘৰৰ পৰা ওলাই যোৱাৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ ৰখা নাই যুৱকজনে ৷
ইফালে পুত্ৰৰ কথা ভাবি বৃদ্ধা মাতৃ শোকত ম্ৰিয়মান হৈ পৰিছে ৷ শেষ সময়ত পুত্ৰক চাই যোৱাৰ হেঁপাহ বৃদ্ধ মাতৃৰ ৷ সেয়েহে উপায়হীন হৈ সোমবাৰে যুৱকজনৰ খবৰ বিচাৰি মৰাণ আৰক্ষী থানাত উপস্থিত হয় পৰিয়ালৰ লোক ৷
আলফা (স্বা) ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে যুৱকজনক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ ৷ প্ৰয়াত লক্ষী চেতিয়াৰ পুত্ৰ বীৰেন চেতিয়াই বিগত বৰ্ষত ঘৰৰ পৰা হঠাৎ ওলাই গৈছিল ৷ ইয়াৰ পিছতে আলফাত যোগদান কৰা বুলি আৰক্ষীৰ পৰা অৱগত হৈছিল পৰিয়ালটো ৷
লগতে পঢ়ক : ‘কা’ৰ বিৰুদ্ধে আন্দোলনৰ আহ্বান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ