Martyr gate in Dibrugarh : জয়ন্ত শইকীয়াৰ স্মৃতিত শ্বহীদ তোৰণ উন্মোচন - জয়ন্ত শইকীয়াৰ নামৰ উন্মোচিত হ’ল শ্বহীদ তোৰণ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17173293-thumbnail-3x2-moran.jpg)
শনিবাৰে শ্বহীদ দিৱসৰ দিনাই ডিব্ৰুগড়ত মুকলি কৰা হয় শ্বহীদ তোৰণ (Martyr gate in Dibrugarh) ৷ চহৰখনৰ নিউ মাৰ্কেটত শ্বহীদ জয়ন্ত শইকীয়াৰ সোঁৱৰণত ডিব্ৰুগড় পৌৰসভাই নিৰ্মাণ কৰা তোৰণখন আনুষ্ঠানিকভাৱে মুকলি কৰে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে (MLA Prasanta Phukan inaugurated martyr gate in Dibrugarh) । ১৯৯৮ চনত কানৈ কমাৰ্চ কলেজৰ ছাত্ৰ জয়ন্ত শইকীয়াক ব্যৱসায়ীয়ে নৃশংসভাৱে হত্যা কৰিছিল । ইয়াৰ পিচতে ডিব্ৰুগড়ৰ দল-সংগঠনে ছাত্ৰজনৰ স্মৃতিত তোৰণ নিৰ্মাণৰ দাবী তুলিছিল । সেই দাবীৰ ভিত্তিতে নিৰ্মিত উক্ত তোৰণ শনিবাৰে মুকলি কৰা হয় ৷ উক্ত তোৰণখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে বিধায়ক ফুকনৰ উপৰিও ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ চৈকত পাত্ৰ, ৱাৰ্ড কমিছনাৰ বিজু লখিমী হাজৰিকা, মামুন গগৈ মিত্ৰ, সমাজসেৱক ৰাহুল দেৱ সোণোৱাল, উজ্জ্বল কাশ্যপ, জ্যেষ্ঠ সাংবাদিক মনজিৎ বৰাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
Last Updated : Feb 3, 2023, 8:35 PM IST