Keshab Mahanta visited Nalbari: নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Feb 25, 2023, 10:21 PM IST

thumbnail

নলবাৰী, 25 ফেব্ৰুৱাৰী: "আমি এইটো বছৰতে নলবাৰী মেডিকেল কলেজত পাঠদানৰ কৰিবৰ বাবে আবেদন জনাইছো ৷ আমি আশা কৰিছো অতি সোনকালেই নেশ্যনেল মেডিকেল কাউন্সিলৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ বাবে লোক আহিব ৷ আজি তাৰ প্ৰস্তুতি চাবলৈকে আমি ইয়ালৈ আহিছিলো ৷ ইয়াত ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৷ ইয়াত সুন্দৰকৈ হাস্পতাল চলি আছে, ৰোগীসকলক চিকিৎসা কৰি থকা হৈছে ৷" শনিবাৰে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta visited In Nalbari Medical College) ৷  

নলবাৰী চিকিৎসালয় মহাবিদ্যালয়ত অচিৰেই ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ পৰিদৰ্শকৰ দলে পৰিদৰ্শন কৰিব অহাৰ খবৰ লাভ কৰাৰ পিচতে নৱনিৰ্মিত চিকিৎসালয়খনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে (Minister Keshab Mahanta visited In Nalbari) ৷  শনিবাৰে অতৰ্কিতে বিয়লিৰ ভাগত নলবাৰীত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰথমে বৰভাগৰ এগৰাকী জ্যেষ্ঠ অগপ কৰ্মীৰ বিয়োগত খবৰ লয় ৷ নলবাৰীৰ জ্যেষ্ঠ অগপ নেতা পখীন্দ্ৰ ভূঞাৰ বিয়োগৰ খবৰ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৷ 

জ্যেষ্ঠ অগপ নেতাগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰি আত্মীয়ৰ সৈতে কিছু বাৰ্তালাপ কৰে মন্ত্ৰী মহন্তই । আনহাতে মন্ত্ৰীগৰাকীৰ লগত অগপৰ সম্পাদক দিলীপ কুমাৰ দাস, কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাসহ কেইবাজনো দলীয় সতীৰ্থই উপস্থিত হয় প্ৰয়াত পখীন্দ্ৰ ভূঞাৰ গৃহত । তাৰ পিচতে চিকিৎসালয়খনৰ কাম কাজসমূহ পৰিদৰ্শন কৰে ৷

চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত ফেব্ৰুৱাৰী মাহতেই নলবাৰী মেডিকেল কলেজ হাস্পতালে (Nalbari Medical college Hospital) স্বীকৃতি লাভ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

আনহাতে চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তিৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয় কয় যে নলবাৰী মেডিকেল কলেজক লৈ কোনোধৰণে পৃথককৈ নহয় নিযুক্তি প্ৰক্ৰিয়া ৷ নিযুক্তিৰ ক্ষেত্ৰত কেৱল নলবাৰী জিলা ভিত্তিতেই নিযুক্তি দিয়া নহ’ব । পৰীক্ষা হ’ব । আগন্তুক তিনি চাৰি মাহৰ ভিতৰত নিযুক্তি প্ৰক্ৰিয়াও সম্পন্ন কৰা হ’ব ।

লগতে পঢ়ক: ASTC Bus Auction : পৰিবহণ নিগমৰ বাছ নিলামৰ দুৰ্নীতিৰ তদন্তৰ দাবী আপৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.