Jayanta Malla Baruah visits Tinsukia:আমাৰ চাপৰি লৈ চিন্তা আছে, য’ত খিলঞ্জীয়া মানুহ থাকে: জয়ন্ত মল্ল বৰুৱা
🎬 Watch Now: Feature Video
তিনিচুকীয়া, 26 ছেপ্টেম্বৰ : মঙলবাৰে অসম চৰকাৰৰ জনস্বাস্থ্য-কাৰিকৰী, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তিনিচুকীয়াত এক বিশেষ কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছক কটাক্ষ কৰে ৷ উজনিৰ পাঁচটা লোকসভা সমষ্টিত কংগ্ৰেছে কৰা বাগান যাত্ৰাকলৈও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছক কটাক্ষ কৰি কয় যে, কংগ্ৰেছ দল এতিয়া গণবিচ্ছিন্ন ৷
তেওঁ লগতে কয়, ‘কংগ্ৰেছে কোনোদিন বাগানত যোৱাই নাই ৷ স্বাধীনতা কালৰ পৰা ৭০-৭৫ শাসনত থাকিলে, কিন্তু এতিয়া বাগানৰ মানুহৰ লগত সম্পৰ্ক হেৰাই গ’ল ৷ এতিয়া গৈছে, কৰবাত চাইকেল চলাইছে, কৰবাত খোজকাঢ়ি পৰ্যটন কৰিছে, কিন্তু বাগানৰ মানুহৰ প্ৰকৃত মনৰ কথা কেতিয়াও বুজিব পৰা নাই । তেওঁলোকে কল্পনাও কৰিব নোৱাৰে, কিন্তু আমাৰ দিনত এতিয়া বাগানে বাগানে পকী ৰাস্তা, পকী ঘৰ, বিদ্যালয়, চিকিৎসালয় হৈ গৈছে । তেওঁলোকৰ কাৰণে বাগান আলহীৰ দৰে আৰু আমাৰ কাৰণে ঘৰ ৷ গতিকে পৰ্যটন মন্ত্ৰী হিচাপে মই আদৰণি জনাইছোঁ বাগানে বাগানে কংগ্ৰেছকৰ্মীসকল গৈছে । তেওঁলোকে বাগানৰ পৰা ওলাই আহি ৰাইজক কওঁক যে আমি ইমানদিনে কৰিব নোৱাৰিলোঁ, কিন্তু বিজেপিয়ে ৭-৮ বছৰতে কৰি দেখুৱালে’ ৷
লগতে পঢ়ক : Minister Jayanta Malla Baruah at Tinsukia: তিনিচুকীয়াত জল জীৱন মিছনৰ পৰ্যালোচনা বৈঠক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ