Massive Fire Break out at Morigaon:মৰিগাঁৱৰ শিঙিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Jul 12, 2023, 9:36 PM IST

thumbnail

মৰিগাঁও,12 জুলাই: বুধবাৰে পুৱতি নিশা মৰিগাঁৱৰ শিঙিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । ফলত জাহ গ’ল দুটাকৈ বাসগৃহ । প্ৰত্যক্ষদৰ্শীৰ মতে নিশা দুই মান বজাত পৰশুৰাম বিশ্বাস নামৰ লোকজনৰ ভঁৰালত হঠাৎ দাউ দাউকৈ জ্বলি উঠে জুই ৷ জুইৰ লেলিহান শিখাই পলকতে জয়ৰাম বিশ্বাসৰ বাসগৃহটো চানি ধৰে ফলত চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ অগ্নিকাণ্ডৰ ফলত ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷

আনহাতে খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত মৰিগাঁও অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ৷ শ্বট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটি সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ পৰিয়াল তথা স্থানীয় ৰাইজৰ। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে জয়ৰাম বিশ্বাসৰ পৰিয়ালৰ সদস্য ৷ ‘‘শুই আছিলো আমি গমে নাপালো ’’ ভুক্তভোগীৰ এই মন্তব্য ৷ 

লগতে পঢ়ক:Cylinder blast at Lahrighat :লাহৰীঘাটত তিনিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.