Massive Fire Break Out at Bilashipara: বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড, পথৰ দুৰৱস্থাৰ বাবে নাহিল অগ্নিনিৰ্বাপক বাহিনীৰ বাহন

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 10:47 PM IST

thumbnail

বিলাসীপাৰা, 28 অক্টোবৰ: ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত হাতীপোতা দ্বিতীয় খণ্ড গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড । নিমিষতে জুইত জাহ যায় চাৰিটাকৈ বাসগৃহ । ঘটনা অনুসৰি, শ্বৰ্টচাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে ৰাইজে ।

উল্লেখ্য যে গাঁওখনৰ মনছেৰ আলী নামৰ লোকজনৰ বাসগৃহসহ চাৰিটাকৈ ঘৰ ভস্মীভূত হয় । ফলত 10 লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে পথৰ দুৰৱস্থাৰ বাবেই অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে ৷ যাৰ বাবে স্থানীয় ৰাইজৰ তৎপৰাত জুই নুমুৱাবলৈ সক্ষম হয় ।

এইক্ষেত্ৰত ৰাইজে আক্ষেপ প্ৰকাশ কৰি কয় যে, ঘটনাস্থলীৰ পৰা মাত্ৰ 7 কিঃমি দূৰত্বত আছে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় ৷ কিন্তু পথৰ দুৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন নাহিল ৷ আজিৰ দিনত আমাৰ বাবে ইয়াতকৈ দুৰ্ভাগ্যৰ বিষয় আৰু নাই ৷ আমি বিধায়কক পথ মেৰামতিৰ বাবে বহুবাৰ আহ্বান জনাইছিলোঁ যদিও কোনো সুফল নাপালো ৷ 

লগতে পঢ়ক:Bilasipara Civil Hospital: বিলাসীপাৰাত চিকিৎসকক বিচাৰি ৰোগীৰ হাহাকাৰ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.