thumbnail

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 1:55 PM IST

ETV Bharat / Videos

কলগাছিয়াত বেকী-ব্ৰহ্মপুত্ৰৰ খহনীয়া টোপনি হৰিছে কৃষকৰ

জনিয়া, 3 ডিচেম্বৰ : কলগাছিয়াৰ হাতছাৰা আৰু পশ্চিম মইনবৰীত বেকী-ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই টোপনি হৰিছে কৃষকৰ ৷ কাৰণ, প্ৰতিদিনে চপৰা চপৰে বেকী নৈৰ বুকত জাহ গৈছে কৃষিভূমি ৷ মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি এতিয়া বেকী নৈৰ বুকুত বিলীন গৈছে ৷ সেয়ে লাখ লাখ টকা খৰচ কৰি কৰা ৰবি শস্য কৃষকে চপাবলৈ নৌপাওতে নৈ বুকুত জাহ গৈছে বিঘাই বিঘাই জলকীয়া, ওলকবি আৰু মূলাৰ লগতে অন্যান্য খেতিও ৷

উল্লেখ্য যে, বৰপেটা জিলাৰ জনিয়া-বাঘবৰ সমষ্টিৰ সীমামূৰীয়া অঞ্চল হাতছাৰা আৰু পশ্চিম মইনবৰীত অঞ্চলত দীৰ্ঘদিন ধৰি খহনীয়া অব্যাহত আছে ৷ কিন্তু খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ লগতে জনিয়াৰ বিধায়কে ৰাইজৰ আবেদন নিবেদনৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : কঁকালৰ বিষ! বিধায়ক শ্বেৰমান আলীক বাটত নালাগে স্পীড ব্ৰেকাৰ; ৰাইজৰ পৰামৰ্শ লওক হেলিকপ্টাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.