Nalbari murder case: আত্মীয়ক হত্যা কৰা আহমদ আলীৰ আত্মসমৰ্পণ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 3:17 PM IST

thumbnail

নলবাৰী, ১৫ নৱেম্বৰ : নলবাৰীৰ মুকালমুৱাত পুত্ৰৰ দাৰ ঘাপত পিতৃ-মাতৃ-ভাতৃ ধৰাশায়ী হোৱাৰ ঘটনা । বিগত ৫ নৱেম্বৰ অৰ্থাৎ দেওবাৰে নিশা মুকালমুৱাত সংঘটিত হৈছিল এক ভয়ংকৰ পাৰিবাৰিক কন্দলৰ ঘটনা । জ্যেষ্ঠ পুত্ৰ আহমদ আলীৰ দাৰ ঘাপত নিহত হৈছিল ভাতৃ মহিদুল আলী । আনহাতে গুৰুতৰভাৱে আহত হৈ আজিও হাস্পতালত মৃত্যুৰে যুঁজি আছে মাতৃ আৰু পিতৃয়ে । পাষাণ পুত্ৰ আহমদ আলীয়ে চোকা দাৰে আক্ৰমণ কৰিছিল তিনিওকে । তিনিওকে দাৰে আক্ৰমণ কৰি পলায়ন কৰিছিল আহমদ আলীয়ে । যাৰ বাবে মুকালমুৱাত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ।

ঘটনাৰ কেইদিনমান পিচতে আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰে হত্যাকাৰী আহমদ আলীয়ে । আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰি আহমদ আলীয়ে ঘটনা সন্দৰ্ভত বিৱৰণ দাঙি ধৰে । চেতনা হেৰুৱাই আক্ৰমণ কৰা বুলি সাংবাদিকৰ আগত ভাষ্য আগবঢ়াই আহমদ আলীয়ে । আহমদ আলীৰ পত্নীৰে ভাতৃ মহিদুলে অবৈধ সম্পৰ্ক চলাই থকাৰ অভিযোগ তুলি দেওবাৰে ভাতৃৰে সৈকে এক কাজিয়াত লিপ্ত হোৱা বুলি স্বীকাৰ আহমদ আলীৰ । ভাতৃৰ সৈতে কাজিয়াত লিপ্ত থাঁকোতে মাতৃ আৰু পিতৃয়েও হেনো আহমদ আলীৰ বিপক্ষত থিয় দিছিল, যাৰ পৰিপ্ৰেক্ষিতত আহমদ আলীয়ে হিতাহিত জ্ঞান হেৰুৱাই সকলোকে এফালৰ পৰা আক্ৰমণ কৰি যায় । আহমদ আলীয়ে মানসিকভাৱে হীনমান্যতাত ভুগি দাৰে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে সাংবাদিকৰ আগত । 

লগতে পঢ়ক : Nalbari Crime News:পাষাণ পুত্ৰৰ দাৰ ঘাপত ধৰাশায়ী মাতৃ-পিতৃ-ভাতৃ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.