thumbnail

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:59 PM IST

ETV Bharat / Videos

মৰিগাঁৱত সোণগুটি চপোৱাৰ উৎসৱ 'মাই পাঠালা' উদযাপন

মৰিগাঁও,১৫ ডিচেম্বৰ: এয়া আঘোণৰ বতৰ । বছৰজোৰা শ্ৰমৰ অন্তত প্ৰাপ্তিৰ হাঁহি মৰাৰ সময়, সোণগুটি ঘৰলৈ আদৰাৰ সময় । এনে সময়তে শুকুৰবাৰে মৰিগাঁৱত অনুষ্ঠিত কৰা হয় তিৱাসকলৰ পৰম্পৰাগত ভাৱে মৰণা মাৰি লখিমী আদৰাৰ উৎসৱ । মধ্য অসমৰ অন্যতম জনগোষ্ঠী তিৱাসকলৰ একক আৰু অনন্য পৰম্পৰা হৈছে মাই পাঠালা বা মৰণা মাৰা লোকপৰ্ব ৷ তিৱা জনগোষ্ঠীয় লোক বাদ্য খ্ৰামৰ তালত নৃত্য-গীত কৰি পৰম্পৰাগতভাৱে গাঁওবাসীয়ে সমূহীয়াভাৱে লাঠিৰে কোবাই-কোবাই মাৰিলে আঘোণৰ ধানৰ মৰণা ৷  

মৰিগাঁও জিলাৰ জাগীৰোডৰ ডাবৰঘাটত শুকুৰবাৰে স্বগোষ্ঠীয় পৰম্পৰাক অক্ষুন্ন ৰাখি গাঁওবাসীয়ে পালন কৰিলে মাই পাঠালা উৎসৱ অৰ্থাৎ মৰণা মৰা লোকউৎসৱ ৷ সম্প্ৰতি যান্ত্ৰিকতাৰ যুগত মেচিনেৰে মৰণা মৰাৰ পৰিৱৰ্তে এনেদৰে সাতামপুৰুষীয়া পৰম্পৰাক জীয়াই ৰাখিবলৈ গাঁওখনৰ সকলো ল'ৰা -বুঢ়া, জীয়াৰী-বোৱাৰী হেঁপাহৰ সোণগুটি নিকাকৰণত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ৷ মাই পাঠালা উৎসৱত মৰা মৰণাৰ সোণগুটিৰে তিৱাসকলৰ অন্যতম লোক উৎসৱ ৱানচ্যুৱাত পিঠাগুৰি খুন্দা হয় ৷

লগতে পঢ়ক: ঘৰৰ জাবৰ বাটত পেলোৱা লোকৰ বাবে বেয়া দিন আহিল গুৱাহাটীত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.