Lok sabha pravas yojna:নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰৱাস যোজনা কাৰ্যসূচী - নলবাৰীৰ কেকানকুছিত বিজেপিৰ লোকসভা প্ৰৱাস যোজনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-09-2023/640-480-19579203-thumbnail-16x9-nalbari-news.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 22, 2023, 4:10 PM IST
নলবাৰী, ২২ ছেপ্টেম্বৰ : নলবাৰীৰ কেকানকুছিত বিজেপিৰ লোকসভা প্ৰৱাস যোজনা কাৰ্যসূচীৰ এখন সভা অনুষ্ঠিত হয় । সভাখনত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই সভাখনৰ জৰিয়তে বিজেপিয়ে অনূসূচীত বসতি প্ৰধান অঞ্চলটোত এক প্ৰকাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ।
প্ৰৱাস যোজনা কাৰ্যসূচীৰ এই সভাখনত মন্ত্ৰীগৰাকীয়ে ভাষণত অঞ্চলটোৰ লোকসকলক বিভিন্ন চৰকাৰী আচঁনি প্ৰদান কৰাৰ কথা উল্লেখ কৰে । উন্নয়ন অব্যাহত ৰাখিবলৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে । সভাখনত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত উপস্থিত আছিল বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বিজেপিৰ কৰ্মকৰ্তা সকলৰ লগতে অঞ্চলটোৰ ৰাইজ ।