Life time imprisonment: বিলাসীপাৰাত হত্যাকাণ্ডৰে জড়িত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড

By

Published : Mar 4, 2023, 10:49 PM IST

thumbnail

বিলাসীপাৰা, 4 মাৰ্চ: বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায় ৷ লোমহৰ্ষক হত্যাকাণ্ডৰে জড়িত দুই অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড ৷ বিলাসীপাৰা মহকুমা আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষে প্ৰদান কৰে এই ৰায়দান ৷ চাঞ্চল্যকৰ আজভানু হত্যাকাণ্ডৰে জড়িত আছিল এই দুই অপৰাধী ৷ ধৃত ছাত্তাৰ আলী আৰু ৰহিম উদ্দিন তালুকদাৰক বিহা হৈছে যাৱজ্জীৱন কাৰাদণ্ড (Life time imprisonment to murder accused) ৷  

উল্লেখ্য যে, 2012 চনত চাপৰ থানাৰ অন্তৰ্গত টিলাপাৰাৰ নুনমাটি ছিঙুলীপাৰাত আজভানু নামৰ এগৰাকী 16 বছৰীয়া কিশোৰীক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়াৰ অভিযোগ আছিল দুয়োৰে বিৰুদ্ধে (Murder case at Bilasipara) । তেতিয়াৰ পৰাই সেই লোমহৰ্ষক হত্যাকাণ্ডত জড়িত দুই আচামী ছাত্তাৰ আলী আৰু ৰহিম উদ্দিন তালুকদাৰৰ বিৰুদ্ধে চাপৰ থানাত 207/12 ত ৰুজু হোৱা গোচৰটো বিচৰাধীন হৈ আছিল বিলাসীপাৰা মহকুমা আদালতত । 

শনিবাৰে বিলাসীপাৰা আদালতত গোচৰ নম্বৰ 330/14 U/S-302/201 IPC ধাৰাত ছাত্তাৰ আলী আৰু ৰহিম উদ্দিনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে আদালতে । আদালতৰ এই ৰায়দানক ধন্যবাদ জনাইছে ভুক্তভোগী কিশোৰীৰ পৰিয়ালে ।

লগতে পঢ়ক: Biswajit Hazarika murder update: দণ্ডাধীশৰ উপস্থিতিত খান্দি উলিওৱা হ’ল বিশ্বজিৎ হাজৰিকাৰ মৃতদেহ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.