কামপুৰত ভূ-মাফিয়াৰ দপ-দপনি - land mafia
🎬 Watch Now: Feature Video
Published : Dec 30, 2023, 5:01 PM IST
বঢ়মপুৰ, 30 ডিচেম্বৰ : গৃহস্থ নথকাৰ সুযোগ লৈ ঘৰ ভাঙি পেলালে ভূ-মাফিয়াই ৷ গৃহস্থলৈ কোনো ধৰণৰ আগতীয়া জাননীও অহা নাছিল বুলি জানিব পৰা গৈছে ৷ অন্য লোকৰ মাটি নিজৰ কৰি লোৱাৰ চেষ্টা ভূ-মাফিয়াৰ ৷ কামপুৰত ভূ-মাফিয়াৰ কাৰ্যকলাপে নিদ্ৰা হৰিছে একাংশ লোকৰ ।
প্ৰথমে এই দৃশ্যলৈ মন কৰক, ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি পেলাইছে গুণ্ডাৰূপী কিছুমান লোকে ৷ অত তত পৰি ৰৈছে ঘৰৰ আচবাব । কামপুৰ বুঢ়াপতীয়া গাঁৱৰ হজৰত হুছেইন নামৰ লোকজনে বসবাস কৰি থকা মাটিখিনি একে গাঁৱৰে জিয়াৰুল হক, ইবি আলী, ৰমিজ উদ্দিন নামৰ তিনিজন লোকে ভেৰোণীয়া গুণ্ডা বাহিনী লৈ নিজৰ মাটি বুলি দাবী কৰাৰ লগতে হজৰত হুচেইনৰ ঘৰৰ দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰে । উল্লেখ্য যে, কামপুৰৰ মাজমজিয়াত নিজৰ মাটিত থাকি এনেদৰে একাংশ ভূ-মাফিয়াৰ হাৰাশাস্তিৰ বাবে এতিয়া নিৰাপত্তাহীনতাত ভুগিছে নিৰীহ জনতা । বৰ্তমান কামপুৰ থানাত তিনি ভূ মাফিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী হজৰত হুচেইনৰ পুত্ৰ ৰিবুল হুছেইনে ।
লগতে পঢ়ক : মাটিৰ দালালিত হাত উজান; তিনি চৰকাৰী কৰ্মচাৰীৰ লগতে গ্ৰেপ্তাৰ পাঁচটা মাটিৰ দালাল