thumbnail

By

Published : Jul 21, 2023, 11:11 AM IST

ETV Bharat / Videos

Assam Kishan morcha : অসমক বেয়া পোৱা মানুহে সদায় ঋণাত্মক কথাই কয়: ৰাজ্যিক সভাপতি

গুৱাহাটী, ২১ জুলাই: মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক কিষাণ মৰ্চাৰ গীত মুকলি অনুষ্ঠান এটি অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটেত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা প্ৰমুখ্যে বিজেপি নেতৃবৃন্দৰ লগতে কিষাণ মৰ্চাৰ কৰ্মীসকল । কিষাণ মৰ্চাৰ উদ্যোগত প্ৰস্তুত কৰা গীতটি আনুষ্ঠানিকভাৱে মুকলি কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । গীতটি মুকলি কৰি ভৱেশ কলিতাই কয় যে এতিয়াৰ সময়খিনি খেতিৰ বাবে উপযোগী । গীতটোৱে যথেষ্ট উৎসাহিত কৰিব কৃষকক । 

সদ্য মুক্তিপ্ৰাপ্ত গীতটোত কণ্ঠদান আৰু সুৰ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰে । অনুষ্ঠানত কৃষিকাৰ্যত কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিবৰ্তে জৈৱিক সাৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় সভাপতি ভৱেশ কলিতাই । আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচনী আয়োগৰ আগমন সন্দৰ্ভত কলিতাই কয়, 'নিৰ্বাচনী আয়োগক দলৰ ফালৰ পৰা আদৰণি জনাইছো । সমষ্টি পুনৰ নিৰ্ধাৰণে অসমৰ খিলঞ্জীয়া লোকক সুৰক্ষা দিব । বিভিন্ন দল-সংগঠনৰ আন্দোলনৰ মাজতেই খচৰা প্ৰস্তুতকৰণ সম্পন্ন হৈছে । অসমক বেয়া পোৱা মানুহে সদায় ঋণাত্মক কথাই কয় ।'  যিয়ে অসমৰ হিতৰ কথা চিন্তা কৰে তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ অসন্তুষ্ট নহয় বুলি সংবাদ মাধ্যমৰ আগত কয় সভাপতি ভৱেশ কলিতাই । 

লগতে পঢ়ক : Kuki Women Raped: মণিপুৰ জঘন্য ঘটনাৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.